Breaking News

নলব‍াৰী জিলা উপায়ুক্তৰ জড়িয়তে মূখ্যমন্ত্ৰীলৈ নলবাৰী জিলা বিকলাংগ সন্থাৰ স্মাৰক পত্ৰ প্ৰদান


ডিজিটেল সংবাদ , নলবাৰীঃ 
নলব‍াৰী জিলা উপায়ুক্তৰ জড়িয়তে মূখ্যমন্ত্ৰীলৈ নলবাৰী জিলা  বিকলাংগ সন্থাৰ স্মাৰক  পত্ৰ প্ৰদান  সদৌ অসম বিকলাঙ্গ  সন্থাৰ  অন্তৰ্গত নলবাৰী জিলা বিকলাংগ সন্থাই আজি নলবাৰী  জিলা উপায়ুক্তৰ জড়িয়তে  অসমৰ মূখ্যমন্ত্রীলৈ এখন  স্মাৰক পত্ৰ প্ৰদান কৰে । নলবাৰী জিলা বিকলাংগ সন্থাৰ সভাপতি মজমিল আলী আৰু সাধাৰণ সম্পাদক কমল ডেকা স্বাক্ষৰিত স্মাৰক পত্র খনত   বিকলাংগ সকলৰ ভৱিষ্যত সুৰক্ষাৰ প্ৰতি  লক্ষ্য ৰাখি দীনদয়াল দিব্যাঙ্গ  পেঞ্চন আচনি অৰুণোদয় আচনিৰ বাহিৰত ৰখা  ,  দীনদয়াল দিবাংগ আচনিৰ অন্তভূক্ত  দিবাংগ সকলক বৰ্ত্তমান দি থকা  মাহেকীয়া ভাট্টা  ১০০০ টকাৰ পৰা  ৫০০০  টকালৈ বৃদ্ধি কৰা আৰু   বকেয়া হৈ থকা সমূহ ধনৰাশি শীঘ্ৰে মুকলি কৰি দিয়া  ,  পৰিচয় পত্র নপোৱা অসমৰ প্ৰায় ১৫ লাখ বিকলাংগ ব্যক্তিক  শীঘ্ৰে পৰিচয় পত্র প্ৰদান কৰি   দীনদয়াল দিবাংগ আচনিত অৰ্ন্তভূক্ত  কৰি  মাহিলী ভাট্টা প্ৰদান কৰাৰ লগতে বিভিন্ন সা সুবিধা সমুহ প্ৰদান কৰাৰ দাবী উল্লেখ কৰে   । আজিৰ স্মাৰক পত্র বিতৰণ কাৰ্য্যসূচীত নলবাৰী জিলা বিকলাংগ সন্থাৰ সভাপতি , সম্পাদককে ধৰি বিষয়ববীয়া আৰু বিভিন্ন আঞ্চলিক  সমিতিৰ বিষয়ববীয়া সহ  শতাধিক  বিকলাংগ উপস্থিত থাকে ।     

No comments