Breaking News

চিৰিয়াখানাৰ সন্মুখত প্ৰতিবাদ


 ডিজিটেল ডেস্ক: 
অসম ৰাজ্যিক চিৰিয়াখানা আৰু   উদ্ভিদ উদ্যানৰ সন্মুখত আজি চিৰিয়াখানা সুৰক্ষা মঞ্চই প্ৰতিবাদ সাব্যস্ত কৰে। এই  প্ৰতিবাদস্থলীত উপস্থিত হয় বুদ্ধিজিৱী ড০ হীৰেন গোহাঁই, কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ বিশিষ্ট‌ পৰিৱেশ কৰ্মী   অৰ্পূব বল্লভ গোস্বামী  আদি ৷ প্ৰতিবাদকাৰীসকলে চিৰিয়াখানাৰ পৰা বিভিন্ন জন্তু আম্বানীয়ে গুজৰাটৰ জামনগৰত নিৰ্মাণ কৰা চিৰিয়াখানালৈ প্ৰেৰণ কৰাৰ বিৰুদ্ধে সাব্যস্ত কৰিছে এই প্ৰতিবাদ। তেওঁলোকে চিৰিয়াখানাৰ পৰা ইতিমধ্যে প্ৰেৰণ কৰা জীৱ, জন্তুবোৰ পুনৰ  ঘুৰাই অনাৰো দাবী কৰিছে।যোৱা কেইবাটাও দিনত চিৰিয়াখানাৰ পৰা দিনে নিশাই আম্বানিৰ চিৰিয়াখানালৈ দুস্প্রাপ্য ঘোং, গঁড়, ৮ শিঙীয়া হৰিণা, ৯ টা প্ৰজাতিৰ বান্দৰ আদি প্ৰেৰণ কৰিছে।

No comments