Breaking News

আজি সাহিত্যাচাৰ্য চৈয়দ আব্দুল মালিকৰ ২২ সংখ্যক মৃত্যু দিৱস।


ডিজিটেল সংবাদ, দেৰগাঁও: 
এই বিশেষ দিনটোত দেৰগাঁৱৰ নাহৰনিৰ গল্পসম্ৰাট আব্দুল মালিকৰ ওপজা ঘৰত একাংশ স্থানীয়ই ম্মৰণ কৰিছে সাহিত্যাচাৰ্য গৰাকীক।গোলাঘাট জিলা দেৰগাঁৱৰ নাহৰণিত ১৯১৯ চনৰ ১৫ জানুৱাৰীত জন্ম গ্ৰহণ কৰা অসমীয়া কথা সাহিত্যৰ প্ৰবাদ পুৰুষ মালিকে যোৰহাট হাইস্কুলৰ পৰা প্ৰৱেশিকা,যোৰহাট মহাবিদ্যালয়ৰ পৰা আই এ আৰু কটন মহাবিদ্যালয়ৰ পৰা ১৯৪১ ত সুখ্যাতিৰে বি.এ. পৰীক্ষাত উত্তীৰ্ণ হয়।কেইবা বছৰ চাকৰি কৰা পাছত ১৯৫১ ত বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত এম.এ.পৰীক্ষা প্ৰাইভেটকৈ দি সুখ্যাতিৰে উত্তীৰ্ণ হয়। ২৫ খনৰো অধিক গল্প সংকলন,৫০ খনতকৈ অধিক উপন্যাস,পাঁচখন কবিতা সংকলন,তিনিখন শিশু সাহিত্য আৰু ২০ খন মঞ্চ অনাতাঁৰ নাট আৰু অলেখ প্ৰৱন্ধ ৰচনা কৰিছিল৷১৯৬৩ পৰা ১৯৬৯ লৈ সাহিত্য একাডেমী কাউন্সিলৰ সদস্য হিচাপে থকা মালিক ১৯৬৯ত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক নিৰ্বাচিত হয়।১৯৭৬ ত ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত মালিকে তাৰ পৰৱৰ্তী বৰ্ষত অসম সাহিত্য সভাৰ অভয়াপুৰী অধিবেশনৰ সভাপতি হিচাপে নিৰ্বাচিত হয়।জীৱনৰ কোনো এক নিৰ্দিষ্ট দিশৰ সূত্ৰতে সীমাবদ্ধ নথকা মালিক ভাৰতীয় গণ নাট্য সংঘ আৰু কমিউনিষ্ট আন্দোলনৰ সৈতেও ডেকা বয়সত ওতঃপ্ৰোতভাৱে জড়িত আছিল।২০০০ চনৰ ২০ ডিচেম্বৰত ৮৯ বছৰ বয়সত মৃত্যু হয় সাহিত্যাচাৰ্য গৰাকীৰ।আৰু আজি দিনটোতেই দেখিবলৈ পোৱা গৈছে ওপজা ঠাই দেৰগাঁৱৰ নাহৰণিত স্থানীযই ম্মৰণ কৰিছে সাহিত্যাচাৰ্য চৈয়দ আব্দুল মালিকক।

No comments