Breaking News

১৩৫ কোটি টকা ফুলৰ ব্যৱসায়ৰ বিপৰীতে ১৫ কোটি টকাৰ ফুলহে অসমত উৎপাদন‌ হয়

 


ডিজিটেল ডেস্ক: অসমৰ শিক্ষিত নিবনুৱা যুৱক -যুৱতীক কৃষি খণ্ডৰ মাজৰে নিজৰ অৰ্থনৈতিক স্বাম্বলম্বিতাৰে সন্ধান কৰিব লৈছে।যাৰ বাবে আত্মনিৰ্ভৰশীল  হৈ পৰিছে আমাৰ নৱপ্ৰজন্ম যোৱা ১৭ ডিচেম্বৰ পৰা গুৱাহাটীৰ খনাপাৰাস্হিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ল খেলপথাৰত অসম কৃষি বিভাগৰ উদ্যোগত আৰু অসম বিশ্ববিদ্যালয়ৰ সহযোগত অনুস্হিত অসম আন্তৰ্জাতিক কৃষি উদ্যান শস্য মেলা ২০২২ৰ সামৰণী মেলাত কৃষি মন্ত্ৰী অতুল বৰাই নিজৰ ভাষণত কয় যে যুৱ শক্তিক গুৰুত্ব দিয়া এইবাৰৰ কৃষি উদ্যান শস্য মেলাৰ মূল উদ্দেশ্য এই বিষয়টোক মূল লক্ষ্য হিচাপে গ্ৰহণ কৰি মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব ৰ্শমাই ৰাজ্য খনক দেশৰ ৫খন অগ্ৰনী ৰাজ্যৰ ভিতৰত এখন গঢ়ি তুলিবলৈ সংকল্প লৈছে ইয়াৰ বাবে কৃষিক এক সন্মানজনক বৃত্তি হিচাপে গঢ়ি তুলিবলৈ চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে  গাখীৰ,মাছ-মাংস কণী আদিৰ উৎপাদনত এতিয়া অসম স্বাৱলম্বী নহয় বুলি বৰাই মন্তব্য কৰে ।গাখীৰ উৎপাদনত স্বাৱলম্বী কৰিবৰ বাবে ৰাষ্ট্ৰীয় দুগ্ধ পৰিষদৰ সৈতে দুহেজাৰ কোটিটকীয়া এখন বুজাবুজি চুক্তি স্বাক্ষৰ কৰে ইতিমধ্যে চুক্তি খনৰ আধাৰত ৰাজ্যৰ বিভিন্ন স্হানত দুগ্ধ কেন্দ্ৰ স্হাপনৰ কামত  আগবঢ়া হৈছে।ৰাজ্য খনত ১৩৫ কোটি টকা ফুলৰ ব্যৱসায়ৰ  বিপৰীতে ১৫ কোটি টকাৰ ফুলহে অসমত উৎপাদন‌ হয় বুলি কয়।আৰু লগতে কয় যে ফুলৰ খেতিৰ বিকাশৰ  বাবে অসম পুষ্প  অভিযান  নামৰ এখন  আচনি গ্ৰহণ কৰা হয়। সামৰনী অনুষ্ঠানৰ আগেয়ে  কৃষিমন্ত্ৰী গৰাকীয়ে ২০২৩ চনৰ ৩‌ ফেব্ৰুৱাৰীৰ পৰা ৫ফেব্ৰুৱাৰীলৈ গুৱাহাটীত অনুষ্ঠিত  হবলগীয়া উত্তৰ -পূব আন্তৰ্জাতিক জৈৱিক এক্সপোৰ প্ৰতীক চিহ্নটোও উন্মোচন কৰে।উক্ত অনুষ্ঠানটোত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত ,জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা আৰু দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰায়ো  ভাষণ প্ৰদান কৰে। উক্ত অনুষ্ঠানটোত বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকে

No comments