Breaking News

গোলাঘাটৰ জোনাকী নগৰৰ নগেন বৰুৱাই ইহলীলা সম্বৰণ কৰে।


ডিজিটেল সংবাদ, গোলাঘাটঃ
 গোলাঘাটৰ জোনাকী নগৰ অঞ্চলত ভগা গাঁৱৰ স্থায়ী নিবাসী সৰবৰহী আৰু বিদ্বান বয়োজ্যেষ্ঠ বিশিষ্ট ব্যক্তি নগেন বৰুৱা যোৱা ১২ ডিচেম্বৰ অৰ্থাৎ সোমবাৰে গোলাঘাট  জি. বি. এম নাচিং হোম  চিকিৎসালয়ত বাৰ্ধক্য জনিত কাৰণত ইহলীলা সম্বৰণ কৰে। তেখেতৰ জন্ম হয় ১৯৩৮ চনৰ ১ মাৰ্চত । তেখেতে শিক্ষা সাং কৰি গোলাঘাটৰ বৰ্তমান উপায়ুক্ত কাৰ্যালয়ৰ পৰা মুখ্য সহায়ক হৈ অৱসৰ গ্রহণ কৰে। তেখেত অসম  ব্ৰাহ্মণ সমাজৰ পৃষ্ঠপোষক সদস্য থকাৰ উপৰিও গোলাঘাট জিলা ব্ৰাহ্মণ সমাজৰ সন্মানীয় সদস্য আছিল। গোলাঘাট জোনাকী নগৰৰ ৰাজহুৱা পূজা মন্দিৰৰ প্ৰতিষ্ঠাপক সভাপতি থকাৰ উপৰিও শ্ৰীশ্ৰী বিষ্ণু মন্দিৰ গোলাঘাট, গোলাঘাট নাগৰিক মঞ্চৰ সক্ৰিয় সদস্য, গোলাঘাটৰ ধৰ্মীয় অনুষ্ঠান ভাগৱত সমাজৰ পথ প্ৰদৰ্শক আছিল। তেখেত ভগাগাঁও নামঘৰৰ এগৰাকী জ্যেষ্ঠ সদস্য আছিল। তেখেত এগৰাকী নিঃস্বাৰ্থ সমাজকৰ্মী হিচাপে বহুতো অনুষ্ঠান প্ৰতিষ্ঠানলৈ দান বৰঙণি আগবঢ়াই মহৎ উপকাৰ কৰি থৈ গৈছে। বিশেষকৈ তেখেতে বাস কৰা নিজা গৃহ স্বসন্মতিতে ২ কঠা ভুমি গোলাঘাট জিলা ব্ৰাহ্মণ সমাজৰ নামত দান কৰিছে। তেখেতৰ মৃত্যুৰ বাতৰি পোৱাৰ লগে লগে গুণমুগ্ধসকলে একেমুখে তেখেতৰ গুণ গৰিমা ব্যাখ্যা কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গৰ মংগল কামনা কৰাৰ উপৰিও বিদেহ আত্মাই চিৰশান্তি কামনা কৰি ভগৱানক প্ৰাৰ্থনা জনায়। তেখেতৰ মৃত্যুত গোলাঘাট জিলা ব্ৰাহ্মণ সমাজ, ভগাগাঁও নামঘৰৰ ভক্তবৃন্দ, জোনাকী নগৰ ৰাজহুৱা পূজা সমিতি, শ্ৰীশ্ৰী বিষ্ণু মন্দিৰ, গোলাঘাট, নাগৰিক মঞ্চকে ধৰি বহুতো অনুষ্ঠান প্ৰতিষ্ঠানে শোক বাৰ্তা প্ৰেৰণ কৰি দুখৰ সমভাগি হয়। তেখেতৰ অন্তিম মুহূৰ্তত তেখেতৰ ভাতৃ প্ৰবীণ শৰ্মাই শেষকৃত্য সম্পাদন কৰে। তেওঁৰ বংশৰ গুৰিবঠা আছিল।

No comments