Breaking News

গোলাঘাট জিলা কৰ্মচাৰী পৰিষদত নতুন সংযোজন...

                                                                                     


ডিজিটেল সংবাদ,গোলাঘাট ... গোলাঘাট জিলা কৰ্মচাৰী পৰিষদত নতুন সংযোজন... মৰঙি আঞ্চলিক কৰ্মচাৰী পৰিষদ। গোলাঘাট জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি ৰূপজ্যোতি ফুকনৰ সভাপতিত্বত দৈগ্ৰোং হেমচন্দ্ৰ গোস্বামী বিদ্যাপীঠত বৃহত্তৰ মৰঙি মৌজাৰ শিক্ষক কৰ্মচাৰী সকলৰ উপস্থিতিত অনুষ্ঠিত এখন সাংগঠনিক সভাত মৰঙি আঞ্চলিক কৰ্মচাৰী পৰিষদ গঠন কৰা হয়।সভাত সদৌ অসম কৰ্মচাৰী পৰিষদৰ সাংগঠনিক সম্পাদক প্ৰবীণ গগৈ, গোলাঘাট জিলা কৰ্মচাৰী পৰিষদৰ লীলাধৰ শইকীয়া, দৈয়াং আঞ্চলিক কৰ্মচাৰী পৰিষদৰ যোগেশ্বৰ গগৈয়ে অংশগ্ৰহণ কৰে।সভাই সৰ্বসন্মতিক্ৰমে অতুল হাজৰিকাক সভাপতি আৰু ৰজত ফুকনক সম্পাদক হিচাপে লৈ এখনি অহা দুবছৰৰ বাবে ৩১জনীয়া শক্তি শালী সমিতি গঠন কৰে।সভাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।

No comments