Breaking News

লামডিঙত আৰক্ষীয়ে ড্ৰাগছ বেপাৰী সহ চাৰিজনক আটক কৰে।


  ডিজিটেল সংবাদ, লামডিংঃ 
লামডিঙত আৰক্ষীয়ে ড্ৰাগছ বেপাৰী সহ চাৰিজনক আটক কৰে।  ৰেল নগৰী লামডিঙ চহৰখনক ড্ৰাগছ মুক্ত কৰা অভিযানত দিনে নিশাই লামডিঙ আৰক্ষীয়ে অভিযান চলাইছে   লামডিঙৰ অলিয়ে গলিয়ে ড্ৰাগছৰ প্ৰতি আসক্ত হৈ পৰা বহু যুৱক তথা ড্ৰাগছ পেডলাৰ বিৰুদ্ধে সক্ৰিয় হৈ পৰিছে লামডিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দনজ্যোতি বৰা ৷  ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ  নেতৃত্বত আজি  অভিযান চলাই ব্ৰাউন ছুগাৰসহ চাৰিজন যুৱকক আটক কৰে ৷ এক গোপন সূএে  লামডিং আৰক্ষীয়ে লামডিঙৰ বাংলা বজাৰ, কল্যান নগৰ , নিউ কলনী আৰু নদীপাৰৰ বিধায়ক পল্লী এই চাৰিটা অঞ্চলত অভিযান চলাই ৬.৬০ গ্ৰাম ব্ৰাউন ছুগাৰ জব্দ কৰে ৷ আনফালে ড্ৰাগছখিনি সৰবৰাহ কৰা লামডিঙৰ নিৱাসী অভিজিৎ দেৱনাথ, ৰাকেশ ৰয় , সুমিত দাস আৰু বিশাল সিঙ নামৰ চাৰিজন যুৱকক আটক কৰে ৷ লামডিঙত এতিয়া আৰক্ষী সম্পূৰ্ণ ৰূপে নিষিদ্ধ সামগ্ৰীৰ বিৰুদ্ধে তৎপৰ  হৈছে যদিও  একাংশ সৰৱৰাহকাৰীয়ে এতিয়াও আৰক্ষীক কেৰেপ নকৰি নিষিদ্ধ সামগ্ৰীৰ সৰৱৰাহ চলাইছে ৷

No comments