Breaking News

গোলাঘাটত জিলা পথ সুৰক্ষা সমিতিৰ বৈঠক সম্পন্ন




নৱবৰ্ষৰ সময়ত পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে ব্যাপক অভিযান আৰু পথ সুৰক্ষা সম্পৰ্কীয় সজাগতা কাৰ্যসূচী গ্ৰহণৰ নিৰ্দেশ উপায়ুক্তৰ


গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি জিলা পথ সুৰক্ষা সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয় । উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত নৱবৰ্ষৰ প্রাকক্ষণত আৰু নতুন বছৰৰ প্ৰথম কেইটামান দিনত সম্ভাব্য পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে ল'বলগীয়া সজাগতামূলক ব্যৱস্থা আৰু কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হয় । সভাত জিলা পৰিবহণ বিষয়া দিব্যজ্যোতি কাৰ্জীয়ে পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাৱলী আৰু যোৱা কেইটামান বছৰত গোলাঘাট জিলাত সংঘটিত পথ দুৰ্ঘটনাৰ এটা তুলনামুলক ব্যাখ্যা পাৱাৰপইন্ট প্ৰেজেণ্টেচনৰ সহায়ত বিতংভাবে বৰ্ণনা কৰে । তেওঁ জানিবলৈ দিয়ে যে যোৱা সময়ছোৱাত জিলাখনত পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে ভালেমান ব্যৱস্থা গ্ৰহণ কৰা হৈছে । তেওঁ পথ দুৰ্ঘটনাৰ কাৰণ আৰু এই ঘটনাসমূহ ৰোধ কৰাৰ বাবে ক্ষেত্ৰভিত্তিক অধ্যয়নৰ ওপৰত ভিত্তি কৰি পৰামৰ্শ, পথ সুৰক্ষা অভিযান, পথ সুৰক্ষা সম্পৰ্কীয় গ্ৰন্থ প্ৰকাশ কৰা, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এলেকাত ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ গতিত বাহন চলোৱা আদি সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায় । 


বৈঠকত উপায়ুক্তগৰাকীয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি জিলাখনত আসন্ন নৱবৰ্ষ উদযাপনৰ সময়ত যাতে পথ দুৰ্ঘটনা হ্ৰাস কৰিব পাৰি তাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিভাগসমূহক নিৰ্দেশ দিয়ে । বৈঠকত ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন কেইবাটাও গুৰুত্বপূৰ্ণ পথৰ অৱস্থাৰ বিষয়ে আলোচনা কৰা হয় আৰু সেই পথসমূহত সম্ভাব্য দুৰ্ঘটনা ৰোধ কৰাৰ বাবে প্ৰয়োজনীয় মেৰামতিৰ কাম সম্পন্ন কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে । তেওঁ ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম (NHIDCL)ক ২৮ ডিচেম্বৰৰ ভিতৰত নুমলীগড়ৰ পৰা দেৰগাঁৱলৈকে পথটোৰ প্ৰয়োজনীয় মেৰামতি সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে । তেওঁ লগতে বিদ্যালয়সমূহৰ পৰিদৰ্শকক শিক্ষানুষ্ঠানসমূহত পথ সুৰক্ষা সম্পৰ্কীয় সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে । লোকনিৰ্মাণ (পথ) বিভাগক তেওঁ সম্ভাব্য দুৰ্ঘটনাপ্ৰৱণ এলেকাসমূহ চিনাক্ত কৰি প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে । আনহাতে আবকাৰী বিভাগক অহা ১৫ জানুৱাৰীলৈকে ব্যাপক অভিযান চলোৱাৰ নিৰ্দেশ দিয়ে । লগতে পিকনিকস্থলীৰ আশে-পাশে যাতে অবৈধভাৱে সুৰা বিক্ৰী নহয় সেয়া সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে । উপায়ুক্তগৰাকীয়ে সভাত চক্ৰ বিষয়াসকলৰ দ্বাৰা জিলাখনৰ পিকনিকস্থলীসমূহ চিনাক্ত কৰি আৰক্ষী আৰু পিকনিক পৰিচালনা সমিতিসমূহৰ সৈতে সমন্বয় ৰক্ষা কৰি সম্ভাব্য দুৰ্ঘটনা ৰোধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে । তেওঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এলেকাত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ নিৰ্দেশনা অনুসৰি নিৰ্ধাৰিত গতিতকৈ উচ্চ মাত্ৰাত গাড়ী চলোৱা চালকৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈয়ো নিৰ্দেশ দিয়ে । উপায়ুক্তগৰাকীয়ে স্বাস্থ্য বিভাগক পৰৱৰ্তী ১৫ৰ পৰা ২০ দিনলৈ গুৰুত্বপূৰ্ণ পথসমূহৰ কাষৰীয়া চিকিৎসালয়সমূহত পৰ্যাপ্ত এম্বুলেন্স আৰু চিকিৎসক/নাৰ্চ আদি যাতে থাকে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে ।  উপায়ুক্তগৰাকীয়ে পথ সুৰক্ষা সন্দৰ্ভত ব্যাপক সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰে । 


সভাত অংশ লৈ জিলাখনৰ আৰক্ষী অধীক্ষক ৰমনদ্বীপ কৌৰে নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ ডাম্পাৰসমূহৰ চলাচল বন্ধ কৰাৰ বাবে নিৰ্দেশ দিয়ে । লগতে পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে পথৰ কাষত যাতে ট্ৰাকৰ পাৰ্কিং বন্ধ কৰা হয় তাৰ বাবেও পৰামৰ্শ আগবঢ়ায় । 


সভাত অতিৰিক্ত উপায়ুক্তদ্বয় কুলদীপ হাজৰিকা আৰু ডঃ সংগীতা বৰঠাকুৰ, বিদ্যালয়সমূহৰ পৰিদৰ্শক, ৰাষ্ট্ৰীয় ঘাইপথ, লোকনিৰ্মাণ (পথ), দুৰ্যোগ ব্যৱস্থাপনা, আবকাৰী, আৰক্ষী, যানবাহন আৰক্ষী আৰু কেইবাটাও বিভাগৰ বিষয়াসকল উপস্থিত আছিল ।


সভাৰ অংশৰূপে পথ সুৰক্ষা বাহিনীৰ স্বেচ্ছাসেৱীসকলক একোটা পথ সুৰক্ষাৰ সামগ্ৰী থকা টোপোলাও উপায়ুক্তগৰাকীয়ে আনুষ্ঠানিকভাৱে প্ৰদান কৰে । 

No comments