Breaking News

৪৭৪ কোটি টকাৰে লুইতৰ ২ নং জলপথৰ কাম আৰম্ভ

 


ডিজিটেল ডেস্ক: 
ৰাজ্য সভাত জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ  বিশেষ তথ্য ৪৭৪কোটি টকা ব্যয়ৰে কাম কৰি থকা হৈছে ! ২০২৪-২৫ চনৰ  ভিতৰত কাম সম্পূৰ্ণ  কৰাৰ লক্ষ্যৰে ।আজি ৰাজ্য সভাত সাংসদ পবিত্ৰ মাঘেৰ্ৰিটাৰ এক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে ৪৭৪ কোটি ব্যয় সাপেক্ষ এই প্ৰকল্পৰ অধীনত যোগীঘোপা আৰু বগীবিলত টাৰ্মিনেল নিৰ্মাণৰ কাম অন্তৰ্ভুক্ত তদুপৰি ,জাহাজ আৰু জলপথ মন্ত্ৰালয়ে কেন্দ্ৰীয় আঁচনিৰ অধীনত অসমৰ ব্ৰহ্মপুত্ৰ বৰাক নদীৰ কেবাটাও ঘাটত টাৰ্মিনেল নিৰ্মাণৰ কাম হাতত লোৱা হৈছে ।লগতে তেওঁ কয় যে ৮৯১ কি:মি:দৈৰ্ঘৰ ২ নং ৰাষ্ট্ৰীয় জলপথৰ উপৰি উত্তৰ -পূৰ্বাঞ্চলত ১৯টা জলপথক ৰাষ্ট্ৰীয় জলপথ হিচাপে ঘোষণা কৰা হয় ।তেওঁ লগতে কয় যে ২০০৯-১৪ৰ সময়ছোৱাত ২৫৪.৪৬কোটি টকা ব্যয় হোৱাৰ বিপৰীতে বৰ্তমান চৰকাৰে ২০১৪-১৯ৰ সময়ছোৱাত অসমৰ জলপথৰ বিকাশৰ কাৰণে ৪১৯.৯৭ কোটি টকা ব্যয় কৰিছে ।

No comments