Breaking News

গোলাঘাটৰ প্ৰাক্তন পৌৰপতি জেষ্ঠ অধিবক্তা,কংগ্ৰেছ কর্মী প্ৰবীণ চন্দ্ৰ গোঁহাইৰ মৃত্যু।

                                                                             


ডিজিটেল সংবাদ,গোলাঘাট...  গোলাঘাটৰ প্ৰাক্তন পৌৰপতি জেষ্ঠ অধিবক্তা,কংগ্ৰেছ কর্মী প্ৰবীণ চন্দ্ৰ গোঁহাইৰ মৃত্যু। বৃহস্পতিবাৰে বিয়লি ৪ বাজি ৫ মিনিটত তেখেতৰ মৃত্যু হয় ।উচ্চ ৰক্তচাপ জনিত ৰোগত আক্ৰান্ত হোৱাৰ ফলত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নি থকা অৱস্থাতে তেখেতেৰ মৃত্যু হয়।গোলাঘাট আদালতত ওকালতি আগবঢ়োৰ পাছত  গোলাঘাট উকীল সন্থাৰ সভাপতি ৰূপে কাৰ্যযনিৰ্বাহ কৰাৰ লগতে গোঁহাইয়ে গোলাঘাট জিলাৰ পৌৰসভাৰ পৌৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু কংগ্ৰেছ দলৰ এগৰাকী সক্ৰিয় নেতা হিচাপে গোলাঘাট জিলা কংগ্ৰেছ আইন কোষকে ধৰি বিভিন্ন পদবীত কাৰ্যনিৰ্বাহ কৰিছিল।গোলাঘাট চন্দন নগৰৰ আৰ কে পথৰ নিৱাসী  গোঁহাইৰ  মৃত্যুৰ খবৰ বিয়লি পৰাৰ লগে গোলাঘাট জিলাত শোকৰ ছাঁ পৰিছে ,তেখেতে পত্নী পুত্ৰ কন্যা সহ আত্মীয় স্বজনক এৰি থৈ যায়। গোলাঘাট সমষ্টিৰ বিধায়ক তথা বিত্তমন্ত্ৰী অজন্তা নেওগ ,পৌৰসভাৰ পৌৰপতি দুলুমনি বৰবৰা প্ৰাক্তন পৌৰপতি ডক্তৰ অজিত বৰুৱা,উকীল সন্থাৰ সভাপতি দিপম সন্দিকৈ ,সম্পাদক প্ৰদ্যুৎ মাধৱ দত্ত, আদিয়ে বিভিন্ন ব্যক্তি দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে।

No comments