Breaking News

নলবাৰী দহকাউনীয়াত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ১২৫ সংখ্যক আঘোণৰ পূৰ্ণিমা ৰাজহুৱা সভা

 


ডিজিটেল সংবাদ, নলবাৰীঃ 
নলবাৰী দহকাউনীয়াত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ১২৫ সংখ্যক আঘোণৰ পূৰ্ণিমা ৰাজহুৱা সভা মহোৎসৱ,সোমাবাৰে হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ আগমণ  ।।নলবাৰী দহকাউনীয়াত গাওঁত অতীজৰে উদযাপন কৰি অহা হৈছে আঘোণৰ পূৰ্ণিমা ৰাজহুৱা সভা মহোৎসৱ । এইবেলি এই মহোৎসৱৰ ১২৫ বছৰ সম্পূৰ্ণ হল   সেইমৰ্মে এইবেলি দহকাউনীয়া গাওঁৰ শ্ৰীশ্ৰী জগন্নাথ হৰিমন্দিৰ প্ৰাংগনত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে  অনুষ্ঠিত কৰা হৈছে ১২৫ সংখ্যক আঘোণৰ পূৰ্ণিমা ৰাজহুৱা সভা মহোৎসৱ । দহকাউনীয়া গাওঁৰ প্ৰায় তিনিশৰো অধিক ৰাইজে লগলাগি উদযাপন কৰা মহোৎসৱৰ আজি প্ৰথম দিনৰ কাৰ্যসূচীত পতাকা উত্তোলন,শ্বহীদ তৰ্পনৰ লগতে এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ।আঘোণৰ পূৰ্ণিমা ৰাজহুৱা সভা মহোৎসৱ উপলক্ষে উলিওৱা এই বিশাল সাংস্কৃতিক শোভাযাত্ৰাত গাওঁ খনৰ পুৰুষ-মহিলা,আই মাতৃ,যুৱক-যুৱতী, বয়োজ্যেষ্ঠ লোক সকলে অংশগ্ৰহণ কৰাৰ লগতে শোভাযাত্ৰাত অসমীয়া সংস্কৃতিৰ লগত জড়িত বিভিন্ন উপাদানৰ প্ৰদৰ্শন কৰা হয় তদুপৰি উদযাপন সমিতিয়ে জনোৱা অনুসৰি এই মহোৎসৱৰ সোমবাৰ অৰ্থাৎ অহাকালিৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰিব অসমৰ জনপ্ৰিয় কন্ঠশিল্পী তথা যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে ।                                                

No comments