Breaking News

চাংসাৰি জালুকবাৰী সমষ্টিৰ বিধায়কৰ উদ্যোগত উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ কৃতী ছাত্র-ছাত্ৰীৰ সম্বৰ্ধনা তথা বৃত্তি প্ৰদান অনুষ্ঠান।

 


ডিজিটেল সংবাদ, মান্দাকাটাঃ 
চাংসাৰি জালুকবাৰী সমষ্টিৰ বিধায়কৰ উদ্যোগত উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ কৃতী ছাত্র-ছাত্ৰীৰ সম্বৰ্ধনা তথা বৃত্তি প্ৰদান অনুষ্ঠান।এই অনুষ্ঠানত উপস্থিত স্থানীয় বিধায়ক তথা ৰাজ্যৰ মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।এই অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত কয় যে জালুকবাৰী সমষ্টিত গঢ়ি উঠিছে বিদ্যায়তনিক পৰিবেশ। অহা বছৰ চাংসাৰীৰ AIMS আনুষ্ঠানিক মুকলি কৰা হ'ব মুকলি আমাৰ সমষ্টিত ২ খন CBSC চাংসাৰি আৰু ৰংমহলত উচ্চ পৰ্যায়ৰ বিদ্যালয় আৰম্ভ কৰা হ'ব। শুৱালকুছিৰ পৰা পলাশবাৰীলৈ উত্তৰ গুৱাহাটীৰ পৰা গুৱাহাটীলৈ,কুৰুৱাৰ পৰা নাৰেংগী সংযোগী দলং স্থাপনৰ কাম আৰম্ভ কৰা হব।বাইহাটা চাৰিআলিৰ গুৱাহাটী পৌৰ নিগমৰ অন্তৰ্গত কৰা হব।এনেদৰে আজি মুখ্যমন্ত্ৰীয়ে জালুকবাৰী সমষ্টিৰ বহুকেইটা উল্লেখনীয় কাম কৰাৰ খতিয়ান দাঙি ধৰে।আজি এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ সহধৰ্মিনী ৰিণীকি ভূঞা শৰ্মা,শিক্ষা উপদেষ্টা ননীগোপাল মহন্ত, জিলা উপায়ুক্ত কীৰ্তি জল্লী,মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী,ব্যক্তিগত সহায়ক প্ৰাণজিৎ চৌধুৰী, অতিৰিক্ত উপায়ুক্ত প্ৰণৱ দত্ত গোস্বামী, ৰাজহ চক্ৰ বিষয়া ৰশ্মি প্ৰতাপ,বেজেৰা মণ্ডল বিজেপিৰ দিলীপ ডেকাকে ধৰি জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকলৰ উপস্থিতিত সমষ্টিটোৰ  প্ৰায় ২০০০গৰাকী শিক্ষাৰ্থীক বৃত্তি তথা সম্বৰ্ধনা জ্ঞাপন কৰা হয়।


No comments