Breaking News

বোলছবি জগতৰ অন্যতম চুপাৰহিত ছবি ডক্টৰ বেজবৰুৱা পুনৰ ন ৰূপত শুভমুক্তিৰ পথত

 


ডিজিটেল ডেস্কঃ নতুন ৰূপত  পুনৰ সাজু ডক্টৰ বেজবৰুৱা।  ১৯৬৯চনত মুক্তি লাভ কৰা ব্ৰজেন বৰুৱা পৰিচালিত অসমীয়া বোলছবি জগতৰ অন্যতম চুপাৰহিত ছবি ডক্টৰ বেজবৰুৱা পুনৰ ন ৰূপত শুভমুক্তিৰ পথত।  ডক্টৰ বেজবৰুৱা-২ শীৰ্ষৰ নামেৰে পুনৰ চলচ্চিত্ৰপ্ৰমীৰ মাজলৈ আহি আছে ডক্টৰ বেজবৰুৱা। মুক্তিপাব লগা ডক্টৰ বেজবৰুৱা-২ ছবিখন পৰিচালনা কৰিছে  ডক্টৰ বেজবৰুৱা ছবিখনৰ নায়ক ভূমিকাত অভিনয় কৰা সদ্য প্ৰয়াত বিশিষ্ট অভিনেতা নিপন গোস্বামীয়ে। অসমীয়া ছবি জগতৰ বিশিষ্ট অভিনেতা প্ৰয়াত নিপন গোস্বামীয়ে  পৰিচালনা কৰা শেষৰখন চলচ্চিত্র ডক্টৰ বেজবৰুৱা-২ ছবিখনৰ  ১৪ নবেম্বৰত প্ৰথমটো ‘গীত জিলিকা জিলিকা তৰা আকাশৰে’,  ৪ ডিচেম্বৰত ‘কি নাম দি মাতিম’ শীৰ্ষক গীত দুটি মুক্তি লাভ কৰিছে। পুনৰবাৰ একে নামতে  ছবিখন নিৰ্মাণ কৰিছে বহুসংখ্যক অসমীয়া ছবি নিৰ্মাণ কৰা তথা ৰাষ্ট্ৰীয় বঁটা বিজয়ী প্রযোজক ড° সঞ্জীৱ নাৰায়ণ আৰু সহযোগী প্রযোজক ডাঃ অক্ষতা নাৰায়ণয়ে। ছবিখনৰ সংগীত পৰিচালনাত আছে হার্টথ্রব জুবিন গাৰ্গ। ঠিক সেইদৰে  বেজবৰুৱা ২'ৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে আদিল হুছেইন, জুবিন গার্গ, সিদ্ধার্থ নিপন গোস্বামী,আৰু কিংকিণী গোস্বামীকে ধৰি বহুকেইগৰাকী নবীন-প্ৰবীন জনপ্ৰিয় শিল্পীয়ে। 

No comments