Breaking News

ৰাইজৰ উৎসৱ ঊষা গৰঙা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাঙ্গনঃ


ডিজিটেল সংবাদ,ফৰকাটিং: 
চৰকাৰী বিদ্যালয় সমূহৰ স্থানীয় ৰাইজ তথা অভিভাৱক সকলৰ জড়িতে শৈক্ষিক উত্তৰণ  উদ্দেশ্যে আজি গোলাঘাট জিলা পূৱ শিক্ষা খণ্ডৰ অন্তৰ্গত  ঘিলাধাৰী মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত দহ খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ,শিক্ষক,অভিভাৱক উপস্থিত ৰাইজৰ উৎসৱ ঊষা গৰঙা মধ্য ইংৰাজী বিদ্যালয় প্ৰাঙ্গনৰ কুশল কোঁৱৰ মঞ্চত অনুষ্ঠিত  হয়।পুৱা পতাকা উত্তোলন কৰে দহ খন বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি সকলে ।পতাকা উত্তোলন অনুষ্ঠানটি আঁতধৰে ৰামকৃষ্ণ ৰয়ে।গছপুলি ৰোপন কৰে উষা গৰঙা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী স্পনা বড়াই। স্মৃতি তৰ্পন কৰে প্ৰাক্তন শিক্ষক আমিনুজ জামানে।  বাৰেহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উদ্ধোধন কৰে  সাংবাদিক পৰাগ বৰুৱাই।প্ৰৰ্দশনী দ্ধাৰ উদ্ধোধন কৰে ঘিলাধাৰী সমল কেন্দ্ৰৰ সমন্বয়ক বিপুল দুৱৰাই। ইয়াৰ পিছত অভিভাৱক আৰু স্থানীয় ৰাইজৰ মাজত পাৰ-পানী,সংগীত চকী আৰু ৰছিটনা প্ৰতিযোগীতা। ইয়াৰ পিছত মুকলি সভা আৰু সাংস্কৃতিক অনুষ্ঠান উপস্থিত থাকে ঘিলাধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা পাৰিজাত শইকীয়া,সমাজ সেৱিকা দেৱজ্যোতি হাজৰিকা, ফৰাটিং মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক ভূৱন বৰুৱা, চিচুপানী মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক পৰাগ বৰা,তামুলী গাঁও মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক  বিশ্বজিৎ ফুকন উপস্থিত থাকি বক্তব্য আগবঢ়াই।উক্ত সভাতে  বিভিন্ন প্ৰতিযোগীতাৰ বিজয়ী সকলক বঁটা প্ৰদান কৰে। অনুষ্ঠানটি আঁত ধৰে শিক্ষক বিমান শইকীয়াই।

No comments