Breaking News

শিৱসাগৰৰ লাকুৱা ৰজাবাৰী চাহ বাগিছা নলাত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ


ডিজিটেল সংবাদ, শিৱসাগৰ: 
ধৃত মহিলা গৰাকীৰ সৈতে নিৰুদ্দিষ্ট হৈ আছিল এটি শিশু শিৱসাগৰৰ লাকুৱা ৰজাবাৰী চাহ বাগিছা নলাত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ । মৃতদেহটো কেন্দুগুৰিৰ বাইলুং গাঁৱৰ নিতুমণি লুখুৰাখনৰ বুলি জানিব পৰা গৈছে । বৰ্তমানেও অপহৃত হৈ আছে নিতুমণি লুখুৰাখনৰ দহমহীয়া এটি শিশু । শিমলুগুৰি আৰক্ষীৰ থানাত কেন্দুগুৰি বাইলুং গাঁৱৰ ৰাইজে কৰিছেহি এক উত্তেজনা ময় পৰিৱেশ । যোৱা সোমবাৰ পৰা নিৰুদ্দিষ্ট হৈ আছিল দহ মহীয়া শিশু সহ নিতুমণি লুখুৰাখন । নিতুমণি লুখুৰাখনক ডিঙি চেপি হত্যা কৰি থৈ যোৱাৰ সন্দেহ কৰাৰ লগতে টেঙাপুখুৰীৰ এগৰাকী মহিলা এই ঘটনাত জড়িত থকাৰ সন্দেহ কৰিছে গাঁৱৰ ৰাইজে । আশ্চৰ্য্য বিষয় যে নিতুমণি লুখুৰাখনৰ দহ মহীয়া শিশুটি বৰ্তমানেও নিৰুদ্দিষ্ট । যদিও ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই । ইতিমধ্যে ঘটনা সন্দৰ্ভত শিমলুগুৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

No comments