Breaking News

পুনৰ ক’ভিডাতংক

     


                                                                    


ডিজিটেল ডেস্ক.... দেশবাসীক আবশ্যকীয় ভাৱে মাস্ক পৰিধান কৰাৰ লগতে যিসকলে কোৰোনা প্ৰতিষেধকৰ তৃতীয় পালি গ্ৰহণ কৰা নাই, তেওঁলোকক জৰুৰীভাৱে ল'বলৈ আহ্বান জনাইছে।লগতে  সতর্কতামূলক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে....নতুন সংকটৰ সৃষ্টি কৰা ‘অমিক্রন’ৰ উপৰূপ বি এফ-৭'  সংক্ৰমণত ভাৰতত আক্রান্ত ৪ জন, আন্তর্জাতিক বিশেষজ্ঞৰ দাবী- এইবাৰ ৮০ কোটি লোক আক্রান্ত হ'ব চীনত,কমেও ২১ লাখ লোকৰ মৃত্যু : ভাৰতত যিকোনো মুহূর্ততে ক’ভিড প্রট'কল ঘোষণাৰ সম্ভাৱনা, ভেকচিনৰ বুষ্টাৰ ডজ ল'বলৈ, ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰিবলৈ জনসাধাৰণক আহ্বান কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয় লগতে  সতর্কতামূলক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে।  বুধবাৰৰ দিনটোত দেশত কোৰোনাত ১৩১ জনহে আক্রান্ত হ'লেও চীনত কোৰোনাৰ তাণ্ডৱ ৰূপ দেখি বিষয়টোক সহজভাৱে ল'ব খোজা নাই কেন্দ্ৰীয় চৰকাৰে।ভাৰতত ৪.৪৭ কোটি লোক কোৰোনাত আক্ৰান্ত হোৱাৰ লগতে মৃত্যুক সাবটি ল'বলগীয়া হৈছে কমেও ৫.৩১ লাখ লোকে। অকল চীনতে নহয়, জাপান, দক্ষিণ কোৰিয়া আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰতো কোৰোনাৰ ভয়াবহ ৰূপ ধাৰণ কৰিছে।দেশকেইখনত বৃহৎসংখ্যকলোক কোৰোনাৰ লগতে ইনফ্লুৱেঞ্জা আৰু ব্ৰংকাইটিছ অৰ্থাৎ ৰেস্পিৰেটৰী চিনচিছিয়েল ভাইৰাছত আক্ৰান্ত হোৱাত পৰিস্থিতি অধিক জটিল হৈ পৰিছে। ৰোগ নিৰূপণৰ বাবে প্রয়োজনীয় এম স্কিচিলিন, ইবুপ্রফেন, এন্টিভাইৰেল দৰব পেক্সল ভিডৰ অভাৱ  অনুভৱ হৈছে দেশসমূহত। চীন  বিশ্বৰ আগশাৰীৰ ঔষধ প্রস্তুতকাৰী দেশ, যদিও অভাৱৰ সৃষ্টি হৈছে... আন্তর্জাতিক বিশেষজ্ঞৰ মতে  চীনে কোৰোনাৰ সংক্ৰমণ ৰোধত ব্যৰ্থ হয়, তেন্তে ২০২৩ বৰ্ষৰ প্ৰথমভাগতে কমেও ৮০ কোটি লোক কোৰোনাত আক্ৰান্ত হ'ব, কোৰোনাত মৃত্যুৰ সংখ্যা ১২ লাখলৈ বৃদ্ধি পাব।  চীনৰ য়ুহানৰ লেবৰেটৰীৰ পৰা তিনি বছৰ আগতে কোৰোনা ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হৈছিল। এই সংক্রমণত অগণন লোকৰ অকাল মৃত্যু হৈছিল সমগ্ৰ বিশ্বত। ভাৰতবাসী আতংকিত হোৱাৰ আশংকা নাই বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা কোৱা হৈছে যদিও অতিশীঘ্ৰে যে কোৰোনা সন্দৰ্ভত পূৰ্বে জাৰি কৰা প্ৰট'কল নতুনকৈ জাৰি কৰা হ'ব, তাৰ ইংগিত পোৱা গৈছে। ইতিমধ্যে কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰশাসনলৈ পত্ৰ প্ৰেৰণ কৰি সকলো কোৰোনা পজিটিভ কেছৰ নমুনাৰ জেনম ছিকুৱেন্সিঙৰ বাবে প্ৰেৰণৰ নিৰ্দেশনা জাৰি কৰিছে।  কেন্দ্ৰীয় আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ মতে সমগ্ৰ বিশ্বত কোৰোনা আক্ৰান্তৰ সংখ্যা ঊর্ধ্বমুখী হ'লেও ২০ ডিচেম্বৰৰ পুৱা ৪ বজাপর্যন্ত ভাৰতত সক্ৰিয় ৰোগীৰ সংখ্যা ৩,৪৯০ জনলৈ হ্ৰাস পাইছে; যি সংখ্যা ২০২০ চনৰ মাৰ্চ মাহৰ সংখ্যাতকৈ কম। কেন্দ্রীয় স্বাস্থ্য মন্ত্রী মনসুখ মাণ্ডভিয়াই জনায় যে ছেপ্টেম্বৰ মাহত মার্কিন যুক্তৰাষ্ট্ৰ ফ্ৰেৎ প্রবাসী ভাৰতীয় মহিলাৰ গাত দেখা গৈছিল এইবিধ কোৰোনাৰ লক্ষণ । বদোদৰালৈ অহা মহিলাগৰাকী পিচত সুস্থ হৈ উঠে।। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত জৰুৰী বৈঠকত নিটি আয়োগৰ সদস্য ডাঃ বি কে পালে দেশবাসীক মাস্ক ব্যৱহাৰৰ পৰামৰ্শ দিয়াৰ লগতে যিসকলে বুষ্টাৰ ড'জ লোৱা নাই, তেওঁলোকক বুষ্টাৰ ডজ, অৰ্থাৎ ক'ভিড প্রতিষেধকৰ তৃতীয় পালি ল'বলৈ আহ্বান জনায়। দেশৰ মাত্ৰ ২৭ শতাংশ লোকেহে তৃতীয় পালি প্ৰতিষেধক গ্ৰহণ কৰিছে। কোৰোনা প্ৰতিষেধক প্রস্তুতকাৰী ছেৰাম ইনষ্টিটিউট অব্ ইণ্ডিয়াৰ প্ৰধান অদৰ পুনাৱালাই কয়— চীনৰ পৰিস্থিতি যথেষ্ট উদ্বেগজনক যদিও ভাৰতবাসী উদ্বিগ্ন হোৱাৰ প্ৰয়োজন নাই, কিয়নো ভাৰতত কোৰোনা প্ৰতিষেধকৰ ক’ভাৰেজ যথেষ্ট ভাল।  বিমান বন্দৰত বিদেশৰ পৰা অহা যাত্ৰীৰ স্বাস্থ্য পৰীক্ষাৰ নিৰ্দেশ দিছে ...

No comments