Breaking News

কাছাৰত বি এছ এফ-শুল্ক বিভাগৰ বৃহৎ অভিযান

 


ডিজিটেল ডেস্ক: 
১কোটি ৭০ লাখ টকাৰ নিচাজাতীয় টেবলেট জব্দ কৰে গাড়ী, নগদ ধন জব্দ, এটা সৰবৰাহকাৰী গ্ৰেপ্তাৰ এছ এফ আৰু কৰিমগঞ্জ  কালাইনৰ হিলাৰাত আটক কৰে ১৭ হাজাৰ নিচাজাতীয় য়াবা টেবলেট। ৮৯টা সৰু পেকেটত অনা হৈছিল টেবলেটসমূহ। এম এল ০৫ পি ৮৬৫৪ নম্বৰৰ অল্ট’ গাড়ীখনত তালাচী চলাই জব্দ কৰে এই ১ কোটি ৭০ লাখ টকাৰ  টেবলেটখিনি। মেঘালয়ৰ পৰা শিলচৰৰ লৈ সৰবৰাহৰ কৰাৰ সময়ত টেবলেটসমূহ জব্দ কৰা হয়। টেবলেটৰ সৈতে অল্ট’ গাড়ীখনৰ চালকজনকো গ্ৰেপ্তাৰ কৰা হয়। জব্দ কৰা টেবলেটৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য ১ কোটি ৭০ লাখ টকা বুলি জানিব দিয়ে শুল্ক আৰু বি এছ এফে। লগতে চালকজনৰ পৰা এটা ম'বাইল ফ'ন আৰু নগদ ৭ হাজাৰ টকা জব্দ কৰা হয়। পাছত টেবলেট অল্ট’ গাড়ীসহ চালকজনক শুল্ক বিভাগে নিজৰ জিম্মাত লয়।

No comments