Breaking News

নুমলীগড়ত বছৰৰ শেষ দিন কেইটাটো অধিক ভয়াবহ হৈ আছে হাতী মানুহৰ সংঘাত ।

 


ডিজিটেল সংবাদ, নুমলীগড়: বন্যহস্তীয়ে সম্পূৰ্ণ ৰূপে ভাঙি তহিলং কৰিলে এখন ফাৰ্মসহ বহুকেইটা পৰিয়ালৰ বাসগৃহ । উপায়হীন  লোকসকল ।নুমলীগড়ত অব্যাহত আছে হাতী মানুহৰ সংঘাত । বছৰৰ অন্তিম দিন কেইটাটো অব্যাহত আছে হাতী মানুহৰ সংঘাত । নুমলীগড়ৰ দৈগ্ৰোঙ ৰ পংকিয়াল গাওঁত হাতীৰ জাকৰ পৰা ফালৰি কাটি অহা এটা বন্য হস্তীয়ে ধেনু গ্ৰীণ  ফাওণ্ডেচন নামৰ এখন ফাৰ্ম সম্পূৰ্ণ ৰূপে ভাঙি তহিলং কৰাৰ লগতে কেইবাটাও পৰিয়ালৰ বাসগৃহ ভাঙি তহিলং কৰে । ইয়াৰ সমান্তৰালকৈ গাৱে গাৱে গৰু ছাগলীৰ দৰে হাতীৰ বিচৰণ। পাচ নং ৰংবংৰ দৃশ্য এইয়া । মানুহৰ বাৰীৰ পৰা কলগচ ভাঙি আনি খাদ্য হিচাপে গ্ৰহণ কৰিছে হাতীয়ে । আপোন মতে খোৱাত লাগিছে হাতী । এখন বাৰীৰ পৰা আন এখন বাৰীত খাদ্য বিচাৰি হাতীৰ বিচৰণ। যেন মানুহে পোহপাল দিয়া গৰু ছাগলীহে । হাতীৰ সৈতে সহবাস কৰিবলৈ শিকাৰ বাহিৰে এই সমস্যাৰ সমাধানৰ উত্তৰ নাই । উল্লেখ্য যে বৃহৎ‌ হাতীৰ এটা জাকে সমীপৰ চাহ বাগিচাত আশ্ৰয় লৈ আছে । তাৰ মাজৰ পৰাই বিভক্ত হৈ হাতীয়ে এতিয়া যেনি তেনি গাৱলৈ ঢাপলি মেলিছে । খাদ্যৰ বাবেই এনে দৰে বিচৰন হাতীৰ ।

No comments