Breaking News

মেলেং আমলখিচিগা হাতীশাল ই'ক পাৰ্ক পৰ্যটন স্থলী ,,


ডিজিটেল সংবাদ, টিয়কঃ
  মেলেং আমলখিচিগা হাতীশাল ই'ক পাৰ্ক পৰ্যটন স্থলী ,,  নৱবৰ্ষৰ প্রাক ক্ষণত   উদ্যমী যুৱকৰ প্ৰচেষ্টা দ্বিতীয় বৰ্ষ পূৰ্ণ প্ৰস্তুতি  "পথাৰ আমাৰ, বজাৰ আমাৰ",কথাষাৰ সাৰোগত কৰি কেইজনমান উদ্যমী যুৱকে এবছৰ পূৰ্বে শুভাৰম্ভণি কৰা পূব যোৰহাটৰ মেলেং আমলখি চিগা হাতীশালত গঢ়ি তুলা পৰ্যটন ক্ষেত্ৰ এইবাৰো নৱবৰ্ষ প্ৰাক ক্ষণত পুনৰ প্ৰস্তুতি চলোৱা পৰি লক্ষিত হৈছে। পূৱ যোৰহাটৰ লাহদৈগড়ৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰায় দহ কিলোমিটাৰ নিলগত কেইজনমান স্থানীয় যুৱকে গঢ়ি তুলা  পৰ্যটন ক্ষেত্ৰই এইবাৰো হাত বাউলী দি মাতিছে । প্ৰচুৰ সম্ভাৱনা  থকা আমলখি চিগা হাতীশালক এই যুৱক সকলে নিজ কৰ্মদ্যোমী প্ৰচেষ্টাত  জনমানসত  এই ঐতিহাসিক স্থান খন কৃষি পৰ্যটনৰ মানচিত্ৰত এক নতুন দিগন্ত অনাৰ প্ৰয়াস কৰিছে ।উল্লেখযোগ্য যে ডিচেম্বৰ - জানুৱাৰী মাহত ৰাজ্যৰ পৰ্যটন স্থলী সমূহত বনভোজ প্ৰেমীৰ ভীৰ হোৱাৰ বাবে এক  কৃষি পৰ্যটন ক্ষেত্ৰ এইবাৰো ১০ ডিচেম্বৰ তাৰিখে  শুভ উদ্ধোধন কৰিব।  কেইজনমান যুৱকৰ অহোপুৰুষাৰ্থ কষ্ট আৰু প্ৰচেষ্টাত গঢ় লৈ উঠা এই কৃষি ভিত্তিক  ই'ক টুৰিজিম ক্ষেত্ৰৰ লগত বহুতো স্থানীয় লোকৰ জীৱিকাৰ বাট মুকলি হৈছে ।  শিশু উদ্যান ,কৃষি পাম, ঘোঁৰা ছালনা, শিশুৰ মনোৰঞ্জনৰ আহিলা সমৃদ্ধ ফুলৰ  বাকৰিত নৱ প্ৰজন্মক চিনাকি কৰিবলৈ বাঁহৰ সঁজুলি নিৰ্মাণৰ  মিউজিয়াম সহ সুন্দৰ ভাৱে সজাই পৰাই তুলিছে  হাতীশাল ই'ক পাৰ্ক । এই ই'ক পাৰ্কত বনভোজ প্ৰেমীৰ বাবে সকলো ব্যৱস্থা সুন্দৰ ভাৱে আগবঢ়াই নিবলৈ এই উদ্যমী যুৱক সকল ক্ৰমে   হৰেন, দীপাংকৰ,সংকল্প,বিমল, ৰামপ্ৰসাদ, বিদ্যুৎ, ধীৰেন,মৃগাংক কে প্ৰমুখ্য কৰি কেইজনমান যুৱকে এইবাৰো পূৰ্ণ প্ৰস্তুতি আৰম্ভনি কৰিছে । অনাগত দিনত  হাতীশাল ই'ক পার্ক পৰ্যটন ক্ষেত্ৰৰ লগতে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে এক সুদূৰ ইতিবাচক বাৰ্তা দিব বুলি দৃঢ় বিশ্বাসী উদ্যমী যুৱক সকল ।পূব যোৰহাটৰ বনভোজ প্ৰেমী জনসাধাৰণ তথা অসমৰ ভিন্ন প্ৰান্তৰ লোকসকলৰ  মাজতো জনপ্ৰিয়তা লাভ কৰিবলৈ ধৰা হাতীশাল ই'ক পাৰ্কে   অনাগত দিনত নতুন দিগন্ত সূচনা ৰচিব বুলি আশাবাদী যুৱক সকল।

No comments