Breaking News

নগালেণ্ডৰ অ’টিঙৰ ঘটনাই আজি অতিক্ৰম কৰিলে এটা বছৰ৷


ডিজিটেল সংবাদ, সোণাৰিঃ 
নগালেণ্ডৰ অ’টিঙৰ  ঘটনাই আজি অতিক্ৰম কৰিলে এটা বছৰ৷ ২০২১ চনৰ আজিৰ দিনটোতে নিৰাপত্তা বাহিনী আৰু সাধাৰণ নাগৰিকৰ মাজত সংঘটিত হোৱা সংঘৰ্ষত তেৰ জনকৈ সাধাৰণ নগা লোকৰ মৃত্যু হৈছিল৷  নিৰাপত্তা বাহিনীৰ গুলীত  নিহত হোৱা লোক সকলৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ উদেশ্যে বিশেষ কাৰ্যসূচী গ্ৰহন কৰিব মন জিলা বাসীয়ে ৷আজিৰ দিনটো কলা দিন হিচাপে পালন কৰিব মন জিলা বাসীয়ে ৷সকলো ব্যৱসায়িক প্ৰতিষ্ঠান, বেচৰকাৰী অনুষ্ঠান আৰু ইষ্টাৰ্ণ নগালেণ্ডৰ সকলো ৰাইজৰ ঘৰৰ সন্মুখত কলা পাতাকা আৰি প্ৰতিবাদ সাব্যস্ত। উক্ত ঘটনাত নিহত লোক সকলৰ সমাধি স্থলীত আজি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনাইছে পৰিয়ালৰ লগতে অ'টিং বাসীয়ে । আনহাতে সমগ্ৰ মন জিলাতে ৫ ডিচেম্বৰত দুঘণ্টাৰ বাবে বন্ধ থাকিব যানবাহনৰ চলাচল (চকা বন্ধ কাৰ্যসূচী) ৷ বিখ্যাত হৰ্ণবিল ফেষ্টিভেলো বৰ্জন কৰিব ENPO বাসিন্দাই ৷

No comments