Breaking News

উত্তৰ গুৱাহাটীৰ আউনীআটী সত্ৰত অনুষ্ঠিত নামঘৰ সমাৰোহৰ আজি অন্তিমটো দিন।


ডিজিটেল সংবাদ, কামৰূপঃ
 উত্তৰ গুৱাহাটীত উদ্ভাসিত অসমৰ বৰ্ণিল সংস্কৃতি উত্তৰ গুৱাহাটীত অনুষ্ঠিত নামঘৰ সমাৰোহত উদ্ভাসিত অসমৰ বৰ্ণিল সংস্কৃতি। উত্তৰ গুৱাহাটীৰ আউনীআটী সত্ৰত অনুষ্ঠিত নামঘৰ সমাৰোহৰ আজি অন্তিমটো দিন। ভকত, বৈষ্ণৱৰ হৰিধ্বনিৰে মুখৰিত হৈ পৰিছে ব্ৰহ্মপুত্ৰৰ পাৰ। একেলগে বাজিল ২ হাজাৰ নাগাৰা, ২ হাজাৰ শংখ। আজি অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ইফালে কালি সন্ধ্যা উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। নামঘৰ সমাৰোহৰ কালি দ্বিতীয় দিনা সন্ধিয়া কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল নামঘৰ সমাৰোহ স্থলিত উপস্থিত হৈ অগণন ভক্তৰ সমাবেশ দেখি অভিভূত হৈ পৰে। সমাৰোহত ভাষণ প্ৰসংগত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে  শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্রাধিকাৰ ড০ পীতাম্বৰ দেৱ গোস্বামী আৰু ডেকা সত্ৰাধিকাৰ দেৱানন্দ গোস্বামীয়ে নামঘৰ সমাৰোহৰ জৰিয়তে যি আদৰ্শ দেখুৱাইছে সেয়া মানৱ সমাজৰ বাবে অতি প্ৰয়োজনীয়। সোণোৱালে লগতে কয় যে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে নামঘৰ প্ৰতিষ্ঠা কৰি নামঘৰৰ যোগেদি সমাজ সংস্কাৰ যাত্ৰাত যেনে ধৰণে আত্ম নিয়োগ কৰিছিল আৰু এখন সমাজক সাংস্কৃতিক ভাবে চহকী কৰাৰ বাবে যি অমৰ সৃষ্টি কৰিছিল আজি সেই শক্তিশালী মূল্যবোধৰ পৰম্পৰাক বিশ্ব বুকুত আগুৱাই নিয়াৰ বাবে সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱ গোস্বামীয়ে যি মহৎ প্ৰচেষ্টা হাতত লৈছে সেয়া সঁচাকৈয়ে প্ৰশংসনীয়।

No comments