Breaking News

গোলাঘাটত আন্তৰ্জাতিক দিব্যাংগ দিৱস-২০২২ উদযাপন

 


গোলাঘাট: গোলাঘাট জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত আজি আন্তৰ্জাতিক দিব্যাংগ দিৱস -২০২২ উদযাপন কৰা হয় । এই উপলক্ষে আয়োজিত সভাত স্বাস্থ্য বিভাগ, সংহত শিশু উন্নয়ন আঁচনিৰ শিশু উন্নয়ন প্ৰকল্প বিষয়াসকল, পোষণ অভিযান আৰু ডি এইচ ই ডব্লিউৰ কৰ্মচাৰীসকল আৰু জিলাখনৰ বিভিন্ন প্ৰান্তৰ বিশেষভাৱে সক্ষম লোকসকল উপস্থিত আছিল । সভাত জিলা সমাজ কল্যাণ বিষয়া গৌৰীপ্ৰিয়া দেউৰীয়ে দিব্যাংগ লোকসকলৰ বাবে থকা বিভিন্ন আঁচনি আৰু তেওঁলোকৰ অধিকাৰসমূহৰ ওপৰত আলোকপাত কৰে । অনুষ্ঠানত উজনি অসম প্ৰতিবন্ধী পৰিষদৰ সভাপতি বিশ্ববিজয় বৰাই বিশেষভাৱে সক্ষম লোকসকলে সন্মুখীন হোৱা সমস্যাসমূ্হৰ বিষয়ে বক্তব্য প্ৰদান কৰে । অনুষ্ঠানত অংশ লৈ স্বাস্থ্য বিভাগৰ জিলা টীকাকৰণ বিষয়া ডাঃ বিপুল কুমাৰ দাসে ইউ ডি আই ডি কাৰ্ড আৰু দিব্যাংগ পেঞ্চন সম্পৰ্কীয় বিষয়সমূহক লৈ সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰে । অনুষ্ঠানৰ সৈতে সংগতি ৰাখি দিব্যাংগ লোকসকলক সম্বৰ্ধনাও জ্ঞাপন কৰা হয় । 

No comments