Breaking News

ধুবুৰী ছোৱালী মহাবিদ্যালয়ত ৰেগিঙৰ বিৰুদ্ধে এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়।


ডিজিটেল সংবাদ, ধুবুৰী:
 যুৱ প্ৰজন্মৰ মাজত বৃদ্ধি পাইছে ৰেগিংৰ নামত ছাত্ৰ ছাত্ৰীৰ ওপৰত শাৰীৰিক আৰু মানসিকভাবে অত্যাচাৰৰ ঘটনা। ৰেগিং কৰি ভাল পায় আৰু এক পাশৱিক আনন্দ ভোগ কৰে একাংশই। আন একাংশই ৰেগিঙৰ বলি হৈ জীৱন মৰণৰ যন্ত্ৰণা ভোগ কৰিছে। পূৰ্বতে ৰেগিং আছিল  ন-পুৰণি মাজত চিনাকি পৰ্বহে। কিন্তু বৰ্তমান সময়ত ৰেগিং এক হিংসাত্মক ৰূপ লোৱা পৰিলক্ষিত হৈছে। যাৰ ফলত বিভিন্ন শিক্ষানুষ্ঠানত ৰেগিং বিৰোধী সমিতি গঠন কৰি ছাত্ৰ ছাত্ৰীৰ মাজত ৰেগিং বিৰোধী সজাগতাৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। সমান্তৰাল ভাৱে আজি ধুবুৰী ছোৱালী মহাবিদ্যালয়ত ৰেগিঙৰ বিৰুদ্ধে এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়। সভাত উপস্থিত থাকে মহাবিদ্যালয়ৰ অধ্যক্ষা মূলতুফা বেগমকে ধৰি শিক্ষয়িত্ৰীৰ লগতে শতাধিক শিক্ষাৰ্থী। এই সজাগতা মূলক কাৰ্য্যসূচীত অংশ লৈ নৱাগত শিক্ষাৰ্থী সকলক ৰেগিং নকৰাৰ এক সংকল্প গ্ৰহণ কৰে মহাবিদ্যালয় খনৰ শিক্ষাৰ্থী সকলে।

No comments