Breaking News

নুমলীগড়ত গাঁৱৰ মাজত বিচৰণ হাতীৰ জাক ।

 


ডিজিটেল সংবাদ, নুমলীগড়:
নুমলীগড়ৰ চুমনি ,গিদিবস্তিৰ  দৃশ্য এইয়া। মানুহৰ ঘৰৰ পদূলিত হাতীৰ জাকৰ বিচৰন । ঘৰৰ জপনাৰ কাষেৰে  পাৰ হৈছে হাতীৰ  জাক ।  সৃষ্টি হয় আতংকময় পৰিৱেশৰ । বনাঞ্চল সংকুচিত হোৱাৰ ফলত জনাঞ্চলত এতিয়া গৰু ছাগলীৰ দৰেই বিচৰণ হাতীৰ জাকৰ । সমীপৰ  বৃহৎ অঞ্চলত বাৰীৰ ফচল খাই পথাৰ তহিলং কৰি গাঁৱৰ পথেৰে চাহ বাগিচাত প্ৰৱেশ হাতীৰ । বৃহৎ হাতীৰ জাক কেইবাটাও ভাগত বিভক্ত হৈ অঞ্চলটোত গৰু ছাগলীৰ দৰেই বিচৰণ কৰিছে ।  বহু লোকেই নিশা উজাগৰে পাৰ কৰে বন্যহস্তীৰ বাবে। হৈ হাল্লা কৰি ৰাইজে হাতী খেদিব লগা হয় । উল্লেখ্য যে যোৱা বহুকেইটা দিন ধৰি হাতীৰ বৃহৎ জাকে বৃহৎ অঞ্চলত বাহৰ পাতি নিতৌ এখন গাঁৱৰ পৰা আন এখন গাঁৱত সন্ত্ৰাস চলোৱা পৰিলক্ষিত হৈছে । যাৰ ফলত বিবুধিত পৰিছে জনতা ।

No comments