Breaking News

নলবাৰী আল্লিয়াৰ এগৰাকী যুৱতীক ৩ লাখ ৫০ হাজাৰ টকাত বিক্ৰী



ডিজিটেল সংবাদ, নলবাৰী: 
ঘগ্ৰাপাৰ আৰক্ষীয়ে উদ্বাৰ কৰিলে এটা পৰিয়ালক নলবাৰী জিলাৰ ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত আল্লিয়া অৰৰাত এই ঘটনা নলবাৰী জিলাৰ আল্লিয়াৰ এগৰাকী যুৱতীক দুগৰাকী ব্যক্তিয়ে ফুচলাই নি অৰুণাচলত বিক্ৰী কৰা ঘটনাক লৈ অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত আছে। জিলা খনৰ আল্লিয়া অৰৰাৰ জহুৰ আলীৰ সহযোগত দুখীয়া পৰিয়ালৰ ছোৱালীক ফুচলাই নি অৰুণাচলৰ এটা নাৰী সৰ্বৰাহ কাৰী চক্ৰৰ হাতত গটাই দিয়ে। যুৱতী গৰাকীৰ আত্মীয়ৰ অভিযোগ মতে ৩ লাখ ৫০ হাজাৰ টকাৰ বিনিময়ত জহুৰ আলীয়ে গটাই দিছিল নাৰী সৰ্বৰাহ কাৰী চক্ৰটোৰ হাতত। যোৱা চাৰি বছৰে আবদ্ধ হৈ থকা যুৱতী গৰাকীয়ে কোনোমতে সুযোগ বুজি আত্মীয়ক ফোন যোগে সমস্ত ঘটনা বিৱৰি কোৱাত অৱশেষত আত্মীয়ই ঘগ্ৰাপাৰ আৰক্ষী থানাত এজাহাৰ দিয়ে।এজাহাৰৰ বিত্তিত ঘগ্ৰাপাৰ আৰক্ষীয়ে অৰুণাচলৰ এটা ভিতৰুৱা অঞ্চলৰ পৰা যুৱতী গৰাকীক উদ্বাৰ কৰে।উদ্বাৰৰ পিছত যুৱতী গৰাকীক সুধা পুচা কৰি ঘৰৰ আত্মীয়ৰ হাতত গটাই দিয়ে।                     

No comments