Breaking News

আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ পৰা অহা পাঁচজনীয়া দলৰ এক অভিযান

 


ডিজিটেল সংবাদ, সোণাৰি:
সোণাৰিৰ সাপেখাতিত দ্বিতীয় বিশ্বযুদ্ধত  নিহত লোকৰ লগতে ভুপতিত হোৱা যুজাঁৰো বিমানৰ ধ্বংসাৱশেষ বিচাৰি আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ অভিযান। আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ পৰা অহা পাঁচজনীয়া দলক এই অভিযানত নেতৃত্ব দিছে ভাৰতীয় নৃতত্ব বিভাগৰ বিষয়াই। উল্লেখ্য যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত সাপেখাতিত ভু-পতিত হোৱা বিমানখনত থকা ১৪ জনকৈ লোক নিহত হৈছিল। এই সন্দৰ্ভত ইতিপূৰ্বে কেইবাবাৰো অভিযান চলাই ধ্বংসপ্ৰাপ্ত বিমানখনৰ ব্লেক বক্সৰ লগতে নিহত লোকৰ অস্থি উদ্ধাৰ হৈছিল।

No comments