Breaking News

যুঁজাৰু পাইলট হিচাপে নিৰ্বাচিত হ'ল দেশৰ প্ৰথমগৰাকী মুছলমান মহিলা ছানিয়া মিৰ্জা



মিৰ্জাপুৰ দেহাট কোতৱালী আৰক্ষী থানাৰ অন্তৰ্গত জাছোভাৰ গাঁৱৰ বাসিন্দা ছানিয়া মিৰ্জাই দেশৰ প্ৰথম গৰাকী মহিলা যুঁজাৰু পাইলট অৱনী চতুৰ্বেদীৰ দৰে যুঁজাৰু পাইলট হ'বলৈ আকাংক্ষা কৰে।

 উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰৰ এজন টিভি মেকানিকৰ জীয়ৰী ছানিয়া মিৰ্জাই ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ (এন ডি এ) প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হৈছে।

মিৰ্জাপুৰ দেহাট কোতৱালী আৰক্ষী থানাৰ অন্তৰ্গত জাছোভাৰ গাঁৱৰ বাসিন্দা ছানিয়া মিৰ্জাই দেশৰ প্ৰথম গৰাকী মহিলা যুঁজাৰু পাইলট অৱনী চতুৰ্বেদীৰ দৰে যুঁজাৰু পাইলট হোৱাৰ সপোন মনত ৰখাৰ কথা ব্যক্ত কৰে।


হিন্দী মাধ্যমৰ বিদ্যালয়ত অধ্যয়ন কৰা ছানিয়াই কয় যে হিন্দী মাধ্যমৰ শিক্ষাৰ্থীসকলেও সংকল্পবদ্ধ হ'লে সফলতা অৰ্জন কৰিব পাৰে। ২৭ ডিচেম্বৰত, তেওঁ পুনেৰ এনডিএ খাদকৱাছলাত যোগদান কৰিব। ছানিয়াৰ এই সফলতাত ছানিয়াৰ মাক দেউতাকৰ লগতে গাঁওবাসীয়েও তাইক লৈ গৌৰৱ অনুভৱ কৰিছে।

উল্লেখ্য যে "ছানিয়া মিৰ্জাই দেশৰ প্ৰথম যুঁজাৰু পাইলট অৱনী চতুৰ্বেদীক তেওঁৰ আদৰ্শ হিচাপে গণ্য কৰে। আৰম্ভণিৰ পৰাই ছানিয়াই অৱনী চতুৰ্বেদীৰ দৰে হ'ব বিচাৰিছিল," দশম শ্ৰেণীলৈকে ছানিয়াৰ স্কুলীয়া শিক্ষা গাঁৱতে সম্পূৰ্ণ কৰিছিল।  পণ্ডিত চিন্তামণি দুবে ইণ্টাৰ কলেজত প্ৰাথমিকৰ পৰা দশম শ্ৰেণীলৈ অধ্যয়ণ কৰিছিল।  তাৰ পিছত, তেওঁ চহৰৰ গুৰু নানক গাৰ্লছ ইণ্টাৰ কলেজলৈ যায়। তেওঁ দ্বাদশ উত্তৰ প্ৰদেশ (ইউপি) ব'ৰ্ডৰ জিলা শীৰ্ষস্থানপ্ৰাপ্ত আছিল আৰু এন ডি এৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছিল।


ছানিয়াৰ মাতৃ তাবাসুম মিৰ্জাই কয়, "আমাক আৰু গোটেই গাঁওখনক গৌৰৱান্বিত কৰিছে। 


No comments