Breaking News

অসমৰ বিভিন্ন জিলাত মুঠ ২০৯ টা ধান ক্ৰয় কেন্দ্ৰ স্থাপন

                                                                         


ডিজিটেল ডেস্ক: অসমৰ বিভিন্ন জিলাত মুঠ ২০৯ টা ধান ক্ৰয় কেন্দ্ৰ স্থাপন.....অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে  কৃষকৰ পৰা ন্যূনতম সমৰ্থিত মূল্যত ধান ক্ৰয় কৰা কাৰ্যৰ ব্যাপক চেষ্টা অব্যাহত ৰাখিছে। ৰাজ্য চৰকাৰে এই বিষয়টোত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিছে আৰু এই সন্দৰ্ভত প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিছে। আঁচনিখনৰ ৰ অধীনত যিসকল কৃষকে ধান ক্রয় কেন্দ্ৰত ধান বিক্ৰী কৰিছে তেওঁলোকে নতুনকৈ পঞ্জীয়ন কৰাৰ প্ৰয়োজন নাই। মাথোঁ কৃষকজনৰ মাটিখিনি হস্তান্তৰিত নোহোৱা সম্পৰ্কত সংশ্লিষ্ট গাঁওবুঢ়া বা মণ্ডল বা চক্র বিষয়াৰ পৰা এখন প্রমাণ-পত্ৰ হ'লেই হ'ব। মন্ত্ৰীজনে অসম বিধানসভাত আৰু কয় যে যোৱা বছৰ ৰাজ্যখনৰ ১,২০,১১৪জন কৃষকে ধান ক্রয় কেন্দ্ৰত নাম পঞ্জীয়ন কৰিছিল যদিও ৪৩,৯৭৮জন কৃষকেহে ন্যূনতম মূল্যত ধান বিক্ৰী কৰিছিল। বছৰটোত অসমৰ কৃষকৰ পৰা মুঠ ১০ লাখ মেট্রিকটন ধান ক্ৰয় কৰাৰ লক্ষ্য লোৱা হৈছে যদিও চলিত বছৰত ধান ক্রয় কেন্দ্ৰত ৫.৬৫ লাখ মেট্রিক টন ধান বিক্ৰী কৰিছিল অসমৰ কৃষকে।  এই বছৰ ৰাজ্যত বানৰ পাছতো ধানৰ উৎপাদন ভাল হোৱা বুলি সদৰী কৰি মন্ত্ৰীজনে চৰকাৰে  নিৰ্ধাৰণ কৰা লক্ষ্যত এইবাৰ উপনীত হ'ব পৰা যাব বুলি আশা প্রকাশ কৰে। অসমত চলিত বছৰত এই আঁচনিৰ বাবে নতুনকৈ ২০,৮৯৬জন কৃষকে নাম পঞ্জীয়ন কৰিছে। যোৱাবাৰৰ প্ৰায় ৩৫ হাজাৰজন কৃষকে পুনৰ নাম পঞ্জীয়ন কৰাৰ প্ৰয়োজন নাই বুলিও সদৰী কৰি মন্ত্ৰীজনে কয় যে দুবছৰ ধৰি এই পৰ্যন্ত পঞ্জীয়ন কৰা কৃষকৰ সংখ্যা ৫৬ হাজাৰলৈ বৃদ্ধি।চলিত বৰ্ষত ১৫ দিনৰ ভিতৰত ১৫,৫৫৬ মেট্রিক টন ধান ক্রয় কৰা হৈছে লগতে ৰাজ্যখনৰ বিভিন্ন ধান ক্রয় কেন্দ্ৰৰ জৰিয়তে কৃষকৰ পৰা ন্যূনতম সমর্থিত মূল্যত ধান ক্রয় প্রক্রিয়া অব্যাহত ৰাখিছে। মন্ত্ৰীজনে লগতে কয় যে এই প্ৰক্ৰিয়াত ৰাজ্যখনৰ ৪৬৮টা ধান বনা মিলক জড়িত কৰাৰ ব্যৱস্থা কৰি হৈছে। ২৭০টা ধান বনা মিল ৰাজ্যখনত নির্মাণ কৰাৰ লক্ষ্য লোৱা হৈছিল আৰু ইয়াৰে এতিয়ালৈ ১৭৫টা মিলৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈছে। বাকী থকাকেইটাৰ নিৰ্মাণকাৰ্য ২০২৩ চনৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব। ঠিক সেইদৰে ১১০টা গুদাম নিৰ্মাণৰ যি লক্ষ্য স্থিৰ কৰা হৈছিল তাৰ ভিতৰত ইতিমধ্যে ৩৬টা গুদামৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে। অসম বিধানসভাত ৫৪ নং অধিনিয়মৰ অধীনত বিধায়ক অখিল গগৈয়ে কৰা এটা প্ৰশ্নৰ উত্তৰ দি আজি মন্ত্ৰীজনে এই কথা সদৰী কৰে। বিধায়কজনে এটা পঞ্চায়তত দুটাকৈ ধান ক্রয় কেন্দ্ৰ স্থাপন কৰা,আৰু ধান ক্রয় কেন্দ্ৰ স্থাপন নোহোৱা পৰ্যন্ত কাষৰ কেন্দ্ৰলৈ ধান কঢ়িয়াব পৰাকৈ প্ৰতিটো সমষ্টিৰ বিধায়কৰ নেতৃত্বত দুখনকৈ ধান কঢ়িয়াব পৰা বাহনৰ ব্যৱস্থা কৰাৰ দাবী কৰিছিল। লগতে ধান ক্রয় কেন্দ্ৰত কেৱল ৰঞ্জিত আৰু বাহাদুৰ ধান ক্ৰয় কৰি থকা হৈছে।অসমৰ থলুৱা বাও, শালি, জহা আদি ধানো ক্ৰয় কৰাৰ ব্যৱস্থা কৰাৰ দাবী  জনায়।

No comments