Breaking News

বৌদ্ধিক সমাজক শোকাচ্ছন্ন কৰি জীৱন নাটৰ সামৰণি মাৰিলে ড০ শিৱ নাথ বৰ্মনে

  


প্ৰায় ৩৮ খনৰো অধিক মৌলিক গ্ৰন্থ তেওঁৰ ৰচনা কৰি থৈ যোৱাৰ উপৰিও ৪ খন ইংৰাজী গ্ৰন্থ, ২ অনুবাদ কৰা গ্ৰন্থ, ২৩ খন সম্পাদিত গ্ৰন্থৰ উপৰিও ৫ খন অসমীয়া আলোচনী সম্পাদনা কৰি তেওঁ অসমীয়াৰ সাহিত্যৰ সম্ভাৰ চহকী কৰিছিল।

অসমীয়া সমাজ জীৱনৰ অন্যতম পুৰোধা চিন্তাবিদ বিশিষ্ট সাহিত্যিক, সাংবাদিক, বুদ্ধিজীৱি ড০ শিৱনাথ বৰ্মনৰ দেহাৱসানত ম্ৰিয়মান বৌদ্ধিক সমাজ।  বৃহস্পতিবাৰে নেমকেয়াৰ হস্পাতালত শেষ নিশ্বাস ত্যাগ কৰে  গৰাকীয়ে। মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৮১ বছৰ। 

অসমীয়া জাতি আৰু সাহিত্য, ভাষা, সমাজ, ধৰ্ম , বিজ্ঞান,লোক কৃষ্টি আদি বিভিন্ন ক্ষেত্ৰত বহুখিনি অৱদান আগবঢ়াই থৈ যোৱা বৰ্মনৰ জন্ম হৈছিল ১৯৪১ চনত। যদিও তেখেতৰ মূল ঘৰ নলবাৰীতে পিতৃৰ চাকৰিৰসূত্ৰে যোৰহাটৰ আৱাসত থকা অৱস্থাতে ড০ বৰ্মণৰ জন্ম হৈছিল। 

 শিৱসাগৰ মহাবিদ্যালয়ত শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰা ড০ বৰ্মনে নাজিৰাত স্কুলীয়া শিক্ষা সাং কৰি ১৯৫৯ চনত নাজিৰৰ ল'ৰা হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ কটন কলেজত নামভৰ্তি কৰিছিল। ১৯৬৩ চনত পদাৰ্থ বিজ্ঞানত সন্মান সহ স্নাতক ডিগ্ৰী গ্ৰহণ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লৈছিল। কটন কলেজ আৰু আৰ্য মহাবিদ্যালয়তো অধ্যাপনা কৰিছিল ড০ বৰ্মণে।

ওজা হেমচন্দ্ৰ বৰুৱা ভাষা সাহিত্য সাধনা বঁটা'ৰে সন্মানিত ড০ বৰ্মনে 'জনসাধাৰণ' নামৰ দৈনিক বাতৰি কাকতৰ সম্পাদক হিচাপে দায়িত্ব লৈছিল।

 তেওঁৰ প্ৰায় ৩৮ খনৰো অধিক মৌলিক গ্ৰন্থ তেওঁৰ ৰচনা কৰি থৈ যোৱাৰ উপৰিও ৪ খন ইংৰাজী গ্ৰন্থ, ২ অনুবাদ কৰা গ্ৰন্থ, ২৩ খন সম্পাদিত গ্ৰন্থৰ উপৰিও ৫ খন অসমীয়া আলোচনী সম্পাদনা কৰি তেওঁ অসমীয়াৰ সাহিত্যৰ সম্ভাৰ চহকী কৰিছিল। ড০ শিৱনাথ বৰ্মনৰ মৃত্যু অসমীয়া ভাষা-সংস্কৃতি, সমাজ জীৱন , সাংবাদিকতা আদি ক্ষেত্ৰৰ বাবে অপূৰণীয় ক্ষতি ।

এইগৰাকী  মহান নীৰৱ সাধক, মহিৰূহৰ মৃত্যুত জননী লাইভেও জনাইছোঁ অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি।।


No comments