Breaking News

নুমলীগড়ৰ ধলাগুৰী মধ্য ইংৰাজী বিদ্যালয়ৰ "প্ৰতিষ্ঠা দিৱস" উপলক্ষে মাৰাথন দৌৰ আৰু অন্যান্য কাৰ্যসুচী ৷


ডিজিটেল সংবাদ, নুমলীগড়ঃ
 নুমলীগড়ৰ ধলাগুৰী মধ্য ইংৰাজী বিদ্যালয়ৰ "প্ৰতিষ্ঠা দিৱস" উপলক্ষে মাৰাথন দৌৰ আৰু অন্যান্য কাৰ্যসুচী ৷ নুমলীগড়ৰ কাষৰীয়া ধলাগুৰী চাহ বাগিচাত ১৯৮২ চনৰ ১২ ডিচেম্বৰত ৰাইজৰ সামুহিক প্ৰচেষ্টাত প্ৰতিষ্ঠিত ধলাগুৰী মধ্য ইংৰাজী বিদ্যালয়ৰ আজি ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱস ৷ প্ৰতি বৰ্ষৰ দৰে এই বছৰো বৰ্ণাঢ্য কাৰ্যসুচীৰ লগতে এই উপলক্ষে পুৱাই ছাত্ৰ ছাত্ৰী সকলৰ মাজত মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰে ৷জ্যেষ্ঠ ছাত্ৰছাত্ৰী সকলৰ বাবে ধলাগুৰী খেলপথাৰৰ পৰা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰে পোৰাবঙলালৈ ৬ কি মি আৰু কনিষ্ঠ ছাত্ৰছাত্ৰী সকলৰ ৫  কি মি দৈগ্ৰোং ইণ্ডিয়ান অইল ডিপুলৈ ৷ ইয়াৰ উপৰি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসুচী ৰাখিছে বিদ্যালয় পৰিচালনা সমিতিয়ে ৷

No comments