Breaking News

গুৱাহাটীৰ ৰেডিচন ব্লু হোটেলত আই বি জি ডব্লিউ বঁটা প্ৰদান অনুষ্ঠান


 ডিজিটেল সংবাদ, গুৱাহাটীঃ
গুৱাহাটীৰ ৰেডিচন ব্লু হোটেলত আই বি জি ডব্লিউ বঁটা প্ৰদান অনুষ্ঠান সম্পন্নসোণাৰিৰ পথিকৃৎ গোষ্ঠীক শ্ৰেষ্ঠ স্বেচ্ছাসেৱী অনুষ্ঠানৰ বঁটা লাভ গুৰুকুল কিডছ স্কুল আৰু কাজিৰঙা ইংলিছ ট্ৰাষ্টৰ উদ্যোগত গুৱাহাটীৰ জালুকবাৰী স্থিত পঞ্চ তাৰকা হোটেল ৰেডিচন ব্লু'ত উত্তৰ পূৰ্বাঞ্চল ভিত্তিক আইকণিক ব্ৰেণ্ড এণ্ড গুড ৱৰ্কপ্লেচ বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। কুইজ মাষ্টৰ নৱজ্যোতি ভাৰালীয়ে পৰিচালনা কৰা এখন কুইজ প্ৰতিযোগিতাৰে আৰম্ভ হোৱা কাৰ্যসূচীৰ পিছত "উত্তৰ পূৰ্বাঞ্চলক এক আন্তঃ ৰাষ্ট্ৰীয় ব্যৱসায় কেন্দ্ৰ হিচাপে গড় দিয়াৰ সম্ভাৱনা" শীৰ্ষক এক bussiness conclave অনুষ্ঠিত হয়। মুম্বাই, নতুন দিল্লী, ছিক্কিম, গুৱাহাটীৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ পৰা অহা কেইবাজন বিশিষ্ট ব্যৱসায়ীয়ে এই conclaveত অংশগ্ৰহণ কৰি নিজৰ নিজৰ বক্তব্য ৰাখে। ইয়াৰ পিছত বিভিন্ন ক্ষেত্ৰত উৎকৃষ্ট সেৱা আগবঢ়াই থকা উত্তৰ পূৰ্বাঞ্চলৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি, স্বেচ্ছাসেৱী অনুষ্ঠানক মুঠ ২০ টা শাখাৰ আইকণিক ব্ৰেণ্ড এণ্ড গুড ৱৰ্কপ্লেচ পুৰস্কাৰেৰে পুৰস্কৃত কৰা হয়। অনুষ্ঠানত চৰাইদেউ জিলাৰ শিশু আৰু চেমনীয়াৰ প্ৰতিভা বিকাশৰ অগ্ৰণী অনুষ্ঠান সোণাৰিৰ পথিকৃৎ গোষ্ঠীক উত্তৰ পূৰ্বাঞ্চলৰ শ্ৰেষ্ঠ শিশু অনুষ্ঠানৰ পুৰস্কাৰেৰে পুৰস্কৃত কৰা হয়। পথিকৃৎ গোষ্ঠীৰ হৈ সভাপতি পুলক গগৈ আৰু সম্পাদক মৃত্যুঞ্জয় দাসে বঁটা গ্ৰহণ কৰে।  ইয়াৰ উপৰিও সোণাৰিৰ প্ৰকৃতি প্ৰেমী যুৱক অনুপ পাটকাইক শ্ৰেষ্ঠ পৰিৱেশ কৰ্মীৰ পুৰস্কাৰেৰে পুৰস্কৃত কৰা হয়। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা বলিউডৰ জনপ্ৰিয় মডেল জাগৃতী ছাহ, গুৰুকুল কিডছ স্কুলৰ মুখ্য পৰিচালন বিষয়া ডাঃ জয়া ভট্টাচাৰ্যয়, উপদেষ্টা বিপুল কলিতাই পুৰস্কাৰ বিজেতা সকলক বঁটা সমূহ আগবঢ়ায়। অনুষ্ঠানত বহু কেইজন শিল্পীয়ে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে। 

No comments