Breaking News

বৰমাত বাক্সা জিলা মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ সভা

 


ডিজিটেল সংবাদ , নলবাৰীঃ 
বৰমাত বাক্সা জিলা মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ সভা  ৬ জানুৱাৰীত গুৱাহাটীত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ ধৰ্না : ৰাজ্য চৰকাৰে মধ্যাহ্ন ভোজন কৰ্মচাৰী সকলক  মাননিৰ পৰিবৰ্তে মজুৰি দিয়াৰ দাবীত  আজি বাক্সা জিলাৰ বৰমাত এখন সভা অনুষ্ঠিত হয় ৷সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ হাতত লোৱাৰ উপৰি মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ প্ৰাপ্য বকেয়াধন আদায়ৰ দাবীত সদৌ অসম মধ্যাহ্ন কৰ্মচাৰী ইউনিয়নৰ অহা ৬ জানুৱাৰীত এক বিশাল প্ৰতিবাদী কাৰ্যসুচী ঘোষণা কৰে ৷সিদিনা গুৱাহাটীস্থিত কাহিলীপাৰাত ৰাজ্যখনৰ সকলো ৰন্ধনকৰ্মীকে  প্ৰতিবাদস্হলীত অংশগ্ৰহণৰ আহ্বান জনায়  নেতৃবিন্দই ৷ সভাত উপস্হিত থাকি  সদৌ অসম ৰন্ধনকৰ্মচাৰী ইউনিয়নৰ কাৰ্যকৰী সভাপতি বিবেকানন্দ অধিকাৰী কয় যে চৰকাৰে ৰন্ধনকৰ্মী সকলৰ দাবীৰ প্ৰতি সদায় আওকান কৰি আহিছে ৷এইবাৰ এই দাবীক আওকান কৰিলে নহব বুলি কয় ৷তেও চৰকাৰে এই ৰন্ধনকৰ্মী সকলক মাহেকত মাননী মাত্ৰ ১৫০০ টকাহে দিয়ে বুলি কৈ এই ১৫০০ টকাৰে তেওলোকৰ পৰিয়াল নচলে বুলি কয় ৷আৰু অহা ৬ জানুৱাৰীত প্ৰায় চল্লিছ হাজাৰ ৰন্ধনকৰ্মীয়ে এক প্ৰতিবাদী গ্ৰহন কৰিব বুলি কয় ৷   লগতে শীঘ্ৰে ৰন্ধনকৰ্মী সকলৰ মাননীৰ পৰিবৰ্তে চৰকাৰক মজুৰি দিবলৈ আহ্বান জনায় ৷  সভাত উপস্হিত থাকি সহ সম্পাদক সঞ্জয় বাৰীয়ে মধ্যহ্ন ভোজন কৰ্মচাৰী সকলক উদ্দেশ্যি হাৰিয়ানা চৰকাৰৰ কথা কয় ৷তেও হাৰিয়ানাত  মধ্যাহ্ন ভোজন কৰ্মচাৰী সকলে ২০২১ চনত প্ৰাপ্য আদায়ৰ দাবীত এক বিশাল প্ৰতিবাদী কাৰ্যসুচী হাতত লৈছিল ৷আৰু এই দাবীৰ প্ৰতি চৰকাৰে সহাৰি নিদিয়া পৰ্যন্ত প্ৰতিবাদস্হলীৰ পৰা কোনেও উভতি অহা নাছিল বুলি কয় ৷আৰু অৱশেষত  হাৰিয়ানাত এতিয়া ৰন্ধন কৰ্মীৰ দৰমহা ৭ হাজাৰ টকা হয় বুলি কয় । সভাত কেইবাগৰাকী ৰন্ধনকৰ্মীয়ে তেওলোকক অৰুনোদয় আচনিৰ ধন নালাগে বুলি কৈ তেওলোকক প্ৰাপ্য মজুৰি প্ৰদান কৰিব লাগে বুলি কয় ৷তেওলোকে যোৱা ২০০৫ চনৰ পৰা ১৮ বছৰে মজুৰিৰ পৰা বঞ্চিত হৈ থকা বুলি কৈ ক্ষোভ উজাৰিছে ৷লগতে এই আচনিখন এনজিঅকৰনৰ তীব্ৰ বিৰোধীতা কৰে ৷   বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ সভানেত্ৰী ভনিতা পাঠক ৰয় ,টিহু-বৰমা ব্লকৰ সম্পাদিকা প্ৰতিভা কলিতাৰ উপৰি প্ৰায় তিনিশতাধিক ৰন্ধনকৰ্মী উপস্থিত থাকে ৷

No comments