Breaking News

কলিয়াবৰত অসম চাহ জনজাতি ছাত্ৰসন্থাৰ নগাঁও জিলা সমিতিৰ উদ‍্যোগত তীব্ৰ প্ৰতিবাদ ।

 


ডিজিটেল সংবাদ, কলিয়াবৰঃ 
কলিয়াবৰত আটছাৰ প্ৰতিবাদ কলিয়াবৰত অসম চাহ জনজাতি ছাত্ৰসন্থাৰ নগাঁও জিলা সমিতিৰ উদ‍্যোগত তীব্ৰ প্ৰতিবাদ । অসম চাহ নিগমৰ অধিনৰ আমলখী, ডিজুভেলী আৰু লুংচুং চাহ বাগিচাৰ শ্ৰমিকৰ নাৰ্যপ্ৰাপ্ত ধন মোকলাই নিদিয়াৰ প্ৰতিবাদত দুঘন্টীয়া ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰে । আমলখী, ডিজুভেলী আৰু লুংচুং চাহ বাগিচাৰ শ্ৰমিকৰ সহযোগত কলিয়াবৰ মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সমুখলৈ প্ৰায় ৫০০ মিটাৰ দুৰত্বৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় পথেৰে চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে পদব্ৰজে আহি এই প্ৰতিবাদ সাব‍্যস্ত কৰে । বাগিচা কেইখনৰ বকেয়া ধন আদায় নিদিয়া পৰ্যন্ত বাগিছা কেইখন ব‍্যক্তিগত মালিকক গতাই দিব নোৱাৰিব বুলি দাবী জনোৱাৰ লগতে বাগিছা কেইখনৰ ভৱিষ্যত নিৰাপত্তা সুনিশ্চিত কৰাৰো দাবী কৰিছে । অসম চৰকাৰত থকা আদিবাসী লোকক প্ৰতিনিধিত্ব কৰা ৰাজনিতীৰ নেতা সকলৰ বিৰুদ্ধে আৰু অসম চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিবেশ উত্তাল কৰি তোলে । প্ৰতিবাদৰ অন্তত কলিয়াবৰ মহকুমাধিপতিৰ জড়িয়তে অসমৰ মুখ্যমন্ত্ৰী লৈ বিভিন্ন দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

No comments