Breaking News

লামডিঙত নিশা পুনৰ গুলীচালনা ঘটনা ৷




 ডিজিটেল সংবাদ, লামডিংঃ লামডিঙত নিশা পুনৰ গুলীচালনা ঘটনা ৷ অসম আৰক্ষীৰ গুলীত  ধৰাশায়ী  বিহাৰৰ প্ৰফেচনেল কিলাৰ মোহন কুমাৰ ৷  নিশা মোহন কুমাৰে ঘটনা সংঘটিত কৰা বন্দুকটো ক'ত লুকোৱাই থৈছিল দেখুৱালৈ নিয়াৰ সময়তে এনকাইন্টাৰটো সংঘটিত হয় ৷  আৰক্ষীক দুটা হাতে সজা বন্দুক দেখোৱাই দিয়াৰ পিছতে তাতে থাকা পইন্ট .৩২ পিষ্টল এটা উলিয়াই আৰক্ষীলৈ লক্ষ্য কৰি গুলী চালনা কৰে ৷ প্ৰত্তোৎৰত  লামডিং আৰক্ষীয়ে মোহন কুমাৰলৈ গুলী চালনা কৰে ৷আৰক্ষীৰ গুলীত মোহন কুমাৰক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও মৃত্যু হয় মোহন কুমাৰৰ ৷ আৰক্ষীয়ে উক্ত ঘটনা সংক্ৰান্তত দুটা হাতে সজা বন্দুক সহ এটা পইন্ট .৩২ পিষ্টলো উদ্ধাৰ কৰে ৷

No comments