Breaking News

বৰনৰ্দ্দী ছোৱালী হাইস্কুলৰ প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ সম্পন্ন

 


ডিজিটেল সংবাদ , নলবাৰীঃবৰনৰ্দ্দী  ছোৱালী হাইস্কুলৰ প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ সম্পন্ন গুৰু-শিষ্যৰ মহামিলন  স্মৃতিৰ বাটেৰে এক ওভতনি যাত্ৰা  পশ্চিম নলবাৰীৰ স্ত্ৰী শিক্ষাৰ পুৰণি শিক্ষানুষ্ঠান বৰনৰ্দী ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত দেওবাৰে  ন-পুৰণি শিক্ষাৰ্থী , শিক্ষক- শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীৰ প্ৰীতি সন্মিলন অনুষ্ঠিত হয় ৷  এই উপলক্ষে অনুষ্ঠিত গুৰু পূজন আৰু মাতৃ পূজন অনুষ্ঠানে আৱেগিক কৰি তোলে ন-পুৰণি শিক্ষাৰ্থীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী সকলক ৷ পুৱা পতাকা উত্তোলনৰ পিছতে গছপুলি ৰোপন,শ্বহীদ তৰ্পণ আৰু সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'য় ৷ শোভাযাত্ৰা উদ্ধোধন কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা সমাজকৰ্মী ৰঞ্জন কুমাৰ ডেকাই ৷ দুপৰীয়া  বিদ্যালয় খনৰ অৱসৰী প্ৰধান শিক্ষক ভগৱান চন্দ্ৰ ডেকাৰ পৌৰহিত্যত অনুষ্ঠিত প্ৰীতি সন্মিলনত ন-পুৰণি ছাত্ৰীৰ লগতে শিক্ষক -শিক্ষয়িত্ৰী সকলে অংশগ্ৰহন কৰি নষ্টালজিক হৈ পৰে ৷ অনুষ্ঠানৰ আৰম্ভনিতে প্ৰয়াত ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰী সকলক সোঁৱৰণ কৰি প্ৰয়াত সকলৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰা হ'য় ৷ অনুষ্ঠানত ভাগ লৈ বিদ্যালয় খনৰ প্ৰাক্তন ছাত্ৰী তথা  শোনিতপুৰৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ পত্নী মধুস্মিতা শৰ্মাই হিমন্ত বিশ্ব শৰ্মাক সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি অভিহিত কৰে ৷ ইপিনে বিদ্যালয় খনৰ প্ৰধান শিক্ষয়িত্ৰী মীৰাৰাণী ডেকাই এনেকুৱা অনুষ্ঠানে স্মৃতিক আৰু অধিক সজীৱ কৰি তোলাৰ লগতে ভৱিষ্যত প্ৰজন্মই প্ৰেৰণা লাভ কৰে বুলিও মন্তব্য কৰে ৷  

No comments