Breaking News

বিজনীৰ অ'ক্সীগুৰীত পুণৰ বন্যহস্তীৰ তাণ্ডৱ


ডিজিটেল সংবাদ, চিৰাংঃ
 বিজনীৰ অ'ক্সীগুৰীত  পুণৰ বন্যহস্তীৰ তাণ্ডৱ চিৰাঙৰ বিজনীৰ ভাৰত-ভূটান সীমান্তৱৰ্তী  ১ নং দক্ষিণমাক্ৰা ,২ নং দংশিয়াপাৰাত বন্যহস্তীয়ে তাণ্ডৱ চলাই । যোৱা নিশা ৰবিবাৰে  বন্যহস্তীয়ে তাণ্ডৱ চলাই ১ নং দক্ষিণমাক্ৰাৰ গাৱৰ সহিছউদ্দিন ,নিকুঞ্জ দাস আৰু ২ নং দংশিয়াপাৰাৰ বৰুণ দাসৰ গৃহ ভাঙি  বনৰীয়া হাতীয়ে  লণ্ড ভণ্ড কৰে । ১ নং দক্ষিণমাক্ৰাৰ কৃষক - সতিন্দ্ৰ দাস ,প্ৰদীপ চন্দ্ৰ দাসৰ ২ বিঘা মাটিৰ কল গছ খাই , কেইবাজনো কৃষকৰ তামোল গছ ভাঙি তহিলং কৰে বনৰীয়া হাতীয়ে l দুয়োজন কৃষকৰ কমেও  ৫০,০০০ হাজাৰ টকাৰ কল বাগনত বন্যহস্তীৱে প্ৰবেশ কৰি কল গছ খাই কল  বাগান ভাঙি বিনষ্ট কৰে ।

No comments