Breaking News

চাৰি বছৰে বিনা দোষে এজন যুৱক পৰি ৰৈছে শয্যাগত হৈ


 ডিজিটেল সংবাদ , নুমলীগড়ঃ 
চাৰি বছৰে বিনা দোষে এজন যুৱক পৰি ৰৈছে শয্যাগত হৈ। খবৰ লবলৈ আহৰি নাই কোনো চৰকাৰী বিষয়া কৰ্মচাৰী তথা চৰকাৰৰ।হয় ২০১৮চনৰ পৰা শয্যাগত এজন চাহ শ্ৰমিক যুৱক। খবৰ নাই কাৰো। মৰি মৰি জীয়াই আছে যুৱকজন। পৰিয়ালতোৰ একমাত্ৰ যুৱক প্ৰহ্লাদ টচুকিয়া। চাহ শ্ৰমিক সকলৰ বাবে চৰকাৰৰ এক বিশেষ অভিলাসী আঁচনি চাহ শ্ৰমিক ধন পুৰস্কাৰ যোজনা।চাহ শ্ৰমিক ধন পুৰস্কাৰ যোজনাৰ শুভাৰম্ভণি অনুষ্ঠানলৈ প্ৰতিখন চাহ বাগিচাৰ পৰা শ্ৰমিক সকলক নিমন্ত্ৰণ জনাইছিল।প্ৰতিখন চাহ বাগিচাৰ পৰা গৈছিল চাহ শ্ৰমিক সকল। নুমলীগড় ব্যতিক্ৰম নাছিল। নুমলীগড়ৰ প্ৰায়বোৰ চাহ বাগিচাৰ পৰা গুৱাহাটী শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা চাহ শ্ৰমিক ধন পুৰস্কাৰ যোজনাৰ শুভাৰম্ভণি অনুষ্ঠানলৈ গৈছিল চাহ শ্ৰমিক সকল। তাৰ মাজতেই আছিল যেন দূৰ্ভগীয়া প্ৰহ্লাদ টচুকিয়া নামৰ গোলাঘাট জিলাই আঠাবাৰিৰ চাহ শ্ৰমিক যুৱক জন। কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা চাহ শ্ৰমিক ধন পুৰস্কাৰ যোজনাৰ শুভাৰম্ভণি অনুষ্ঠান পোৱাৰ পূৰ্বে দুৰ্ঘটনাত পতিত হৈছিল প্ৰহ্লাদ টচুকিয়া যোৱা সেই বাহন খন। চৰকাৰৰ নিমন্ত্ৰণ ৰক্ষা কৰি চাহ শ্ৰমিক ধন পুৰস্কাৰ যোজনাৰ শুভাৰম্ভণি অনুষ্ঠানলৈ গৈ দুৰ্ঘটনাত পতিত হৈ কোনোমতে জীয়াই থাকিল প্ৰহ্লাদ। পিছে জীয়াই থাকিও যেন মৃত যুৱক জন। ভৰ যৌৱনৰ সময়ত পত্নী আৰু পুত্ৰক লালন পালন কৰাৰ পৰিৱৰ্তে বিছনাত পৰি চকুলো তুকিব লগা হৈছে যুৱক জনে। কাৰণ কৰ্ম কৰাটো দুৰৰে কথা, থিয় হৈও থাকিব নোৱাৰে যুৱক জন। চাৰিটা বছৰে বিছনাত পৰি একমাত্ৰ সন্তানৰ শুকান মুখ খন চাই জীয়াই আছে যুৱক জন। পত্নীৰ বাবে যেন বোজা হৈ পৰিছে যুৱক জন। কিন্তু চাৰিটা বছৰে কেৱল সুস্থ হোৱাৰ আশাত দুচকু উজ্বল কৰি বিছনাখনক সাক্ষী কৰি জীয়াই আছে যুৱক জন। কিন্তু দুৰ্ভাগ্যবশতঃ আজি পৰ্যন্ত কি জিলা প্ৰশাসন, কি চৰকাৰৰ মন্ত্ৰী বিধায়ক,কোনেও এটি খবৰ লবলৈও যেন আহৰি নাই। তথাপি বুকুত সাহস লৈ মৃতুৰে যুঁজি যুঁজি হাঁহি হাঁহি জীয়াই থকাৰ হেপাহত জিলা প্ৰশাসন,চৰকাৰ, মুখ্মন্ত্ৰীৰ ঘনিষ্ঠ বুলি সৰ্বজন বিদিত সৰুপথাৰ সমষ্টিৰ স্হানীয় বিধায়ক বিশ্বজিৎ ফুকন তথা মুখ্যমন্ত্ৰীলৈ কাতৰ আহবান যুৱকজনৰ ,চিকিৎসাৰ ব্যৱস্থা কৰি জীৱনৰ অলপ সুখ লবলৈ সুবিধা প্ৰদান কৰক মোক।

No comments