Breaking News

মেৰাপানীত গোলাঘাট জিলা কৰ্মচাৰী পৰিষদৰ ৩৭ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশন অনুষ্ঠিত..


ডিজিটেল সংবাদ, মেৰাপানী..মেৰাপানীত গোলাঘাট জিলা কৰ্মচাৰী পৰিষদৰ ৩৭ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশন অনুষ্ঠিত.. সদৌ অসম কৰ্মচাৰী পৰিষদৰ গোলাঘাট জিলাৰ সমিতিৰ ৩৭ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশনখনি আজি দৈয়াং আঞ্চলিক কৰ্মচাৰী পৰিষদৰ আতিথ্যত মেৰাপানীৰ দৈয়াং উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত  অনুষ্ঠিত হয়। অধিৱেশনখনিৰ লগতে কৰ্মচাৰী সকলৰ মাজত প্ৰতিনিধি সভা আৰু আগন্তুক কাৰ্যকালৰ বাবে জিলা সমিতিখন পুনৰ গঠন কৰা হয়। এই অধিৱেশনৰ লগত সংগতি ৰাখি পুৱা পতাকা উত্তোলন কৰে গোলাঘাট জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি ৰূপজ্যোতি ফুকনে, শ্বহীদ তৰ্পণ কৰে দৈয়াং উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী কৰবী বৰাই, গছপুলি ৰোপন কৰে দৈয়াং সেউজ সংঘৰ  প্ৰতিষ্ঠাপক সভাপতি তথা শিক্ষক মৃদুল বৰাই। ইয়াৰ পাছতে গোলাঘাট জিলা কৰ্মচাৰী পৰিষদৰ প্ৰতিনিধি সভা জিলা সভাপতি ৰূপজ্যোতি ফুকনৰ সভাপতিত্বত অনুষ্ঠিত হয়।সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে জিলা সম্পাদক কৰুণা ৰাজবংশীয়ে। সভাত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি প্ৰদীপ ৰাজখোৱাই। আনহাতে সভাখন  উদ্বোধন কৰে কেন্দ্ৰীয়  সমিতিৰ উপদেষ্টা দিলিপ কোঁৱৰে। সভাত সদৌ অসম  কৰ্মছাৰী পৰিষদৰ  উপদেষ্টা নৃপেন ভূঞাঁ আৰু কেন্দ্ৰীয় কাৰ্য‍্যনিৰ্বাহক সদস‍্য ক্ৰমে জীৱন বৰা, মদন গগৈ আদি উপস্থিত থাকে। ইফালে আজিৰ প্ৰতিনিধি সভা পৰৱৰ্তী কাৰ্যকালৰ বাবে প্ৰসন্ন শৰ্মাক সভাপতি আৰু প্ৰবীন গগৈক সম্পাদক হিচাবে লৈ ৩১ জনীয়া  গোলাঘাট জিলা কৰ্মছাৰী পৰিষদৰ জিলা সমিতি খন গঠন কৰে। গোলাঘাট জিলাখনৰ বিভিন্ন প্ৰান্তৰ শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা সভাখনত কৰ্মচাৰী সকলৰ বিভিন্ন সমস্যা, অসুবিধা সমূহ আলোচনা কৰে। এই সভাতে সদৌ অসম চৰকাৰী চিকিৎসালয়ৰ অস্থায়ী কৰ্মচাৰী সন্থাৰ সম্পাদক বাবুল দাসেও তেওঁলোকে অতি নিম্ন দৰমহাৰে চিকিৎসালয়ৰ বিভিন্ন কামত বছৰ বছৰ ধৰি অতি নিম্ন দৰমহাৰে কৰ্মৰত হৈ থকাৰ উল্লেখ কৰি কৰ্মচাৰী পৰিষদক তেওঁলোকৰ হৈও চৰকাৰক চাকৰিৰ নিয়মীয়া কৰণৰ বাবে দাবী উত্থাপন কৰিবলৈ আহ্বান জনায়। ইফালে আজিৰ সভাত  কৰ্মচাৰী সকলে বিশেষকৈ চিকিৎসা বীমা, পেঞ্চন আঁচনি, ভাত্তা বৃদ্ধিকে আদি কৰি বিভিন্ন সমস্যাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰে মিলিত হৈ দাখিল কৰা দাবী সমূহ শীঘ্ৰেই পূৰণ কৰাৰ দাবী তোলে। কৰ্মচাৰী সকলক অসম চৰকাৰে বিভিন্ন সা-সুবিধা প্ৰদানৰ ক্ষেত্ৰত গা এৰা দিয়া বুলি অভিযোগ কৰি তেওঁলোকৰ প্ৰাপ্য অধিকাৰ শীঘ্ৰেই প্ৰদান নকৰিলে আন্দোলনত নমাৰো হুংকাৰ দিয়ে।

No comments