Breaking News

ধনশিৰি মহকুমাৰ নাওজানত বৃহস্পতিবাৰে মুকলি কৰা হয় এটা ধান ক্ৰয় কেন্দ্ৰ।

 



 ডিজিটেল সংবাদ,ধনশিৰিঃ  
ধনশিৰি মহকুমাৰ নাওজানত বৃহস্পতিবাৰে মুকলি কৰা হয় এটা ধান ক্ৰয় কেন্দ্ৰ। ধনশিৰি মহকুমাৰ বেছি সংখ্যক লোকেই কৃষিৰ ওপৰত নিৰ্ভৰশীল।তেওঁলোকে ধান খেতি কৰে যদিও সেই ধান উচিত মূল্যত বিক্ৰীৰ বাবে কোনো ধৰণৰ ব্যৱস্থা নাছিল। খাটি খোৱা কৃষকসকলে যাতে ধানৰ উচিত মূল্য পাই তাৰ প্ৰতি ৰাজ্য চৰকাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চৰকাৰী ভাৱে ধান ক্ৰয় কেন্দ্ৰ স্থাপন কৰিছে। এই আঁচনিৰ অধীনত ধনশিৰি মহকুমাৰ নাওজানত স্থাপন কৰা হৈছে এটা ধান ক্ৰয় কেন্দ্ৰ। বৃহস্পতি বাৰে  সৰুপথাৰ সমষ্টিৰ বিধায়ক  বিশ্বজিৎ ফুকনে  আনুষ্ঠানিক ভাৱে উক্ত কেন্দ্ৰটি শুভ উদ্বোধন কৰাৰ লগতে একাংশ কৃষকৰ পৰা ধান ক্ৰয় কৰি কৃষক সকলক কয় যে ধান ক্ৰয় কৰাৰ ক্ষেত্ৰত যাতে কোনো ধৰনৰ মধ্যভোগীৰ সৃষ্টি নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিব। উল্লেখ্য যে উক্ত কেন্দ্ৰটোৰ জড়িয়তে ধনশিৰি মহকুমাৰ পৰা ৫ হেজাৰ মেট্ৰিকটন ধান ক্ৰয় কৰা হব বুলি জানিব পৰা গৈছে। ইতিমধ্যে প্ৰতি কুইন্টল ধান ২০৪০ টকাকৈ কৃষকৰ পৰা ক্ৰয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰধান ক্ৰয় কেন্দ্ৰৰ উদ্বোধন কৰাৰ পিচতে বিধায়ক বিশ্বজিৎ ফুকনে পূৱ নাওজান পঞ্চায়তৰ অন্তৰ্গত বেতনী পথাৰ গাঁৱত   পদ্ধতিৰে এগ্ৰ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ উদ্যোগত কৰা আলু খেতিৰ এক পাইলট প্ৰজেক্টৰো শুভাৰম্ভণি কৰে।



No comments