Breaking News

জাপানত ১৭গৰাকী লোকৰ মৃত্যু হয় তুষাৰপাতত

 


ডিজিটেল ডেস্ক: 
আমেৰিকাকে ধৰি বহুকেইখন দেশত তুষাৰপাত আৰু ধুমুহাই তাণ্ডৱৰ সৃষ্টি কৰিছে ।সেইসময়তে জাপানতো ভংয়কৰ তুষাৰপাত হৈছে দেশখনত এতিয়ালৈকে ১৭গৰাকী লোকৰ মৃত্যু হোৱাৰ উপৰি এশ গৰাকী লোক আহত হয়।আগতকৈ তিনিগুণ অধিক তুষাৰপাত হোৱাৰ বাবে দেশখনৰ বিভিন্ন স্হানত ঘৰ আৰু পথসমূহত তিনিফুট পৰ্যন্ত বৰফ ‌জমা হয়।ফলত ৰাজপথত বাহনসূমহ আবদ্ধ হৈ পৰিছে।প্ৰায় বিশহেজাৰ লোক বিদ্যুৎ যোগনৰ পৰা বিৰত হোৱাত আন্ধাৰত কটাবলগীয়া হৈছে ।বতৰ বিজ্ঞানৰ বিভাগে নাগৰিকসকলক ঘৰৰ ভিতৰতে থাকিবলৈ পৰাৰ্মশ দিছে।

No comments