Breaking News

সোণাৰিত দিনৰ পোহৰত চোৰে চলালে চাফাই অভিযান

 


ডিজিটেল সংবাদ, সোণাৰি:
সোণাৰি আৰক্ষী থানাৰ সন্মুখত অৱস্থিত সোণাৰি নগৰ স্বাস্থ্য কেন্দ্ৰৰ আবাসী এলেকাৰ এটা কোৱাটাৰত আজি দিনৰ পোহৰত চোৰে চাফাই অভিযান চলায়। আজি দিনৰ প্ৰায় ১.৩০ বজাত স্বাস্থ্য কেন্দ্ৰটোত অৱস্থিত ৰূপদা কোঁৱৰ নামৰ নাৰ্ছ গৰাকীৰ ঘৰত কোনো নথকা অৱস্থাত চোৰে তলা ভাঙি প্ৰৱেশ কৰি ভিতৰৰ আলমাৰীটো ভাঙি তাৰ ভিতৰত থকা কেইবা লাখ টকাৰ সোণৰ আ অলংকাৰ লৈ উদাও হয়। নাৰ্ছ গৰাকীৰ গিৰিয়েক ৰণা কাকতি ঘৰলৈ আহোঁতে সমগ্ৰ ঘটনাটো পোহৰলৈ আহে। ইতিমধ্যে সোণাৰি আৰক্ষীৰ দল ঘটনাস্থলিত আহি তদন্ত আৰম্ভ কৰিছে। 

No comments