Breaking News

শিৱসাগৰৰ নামতি জ্যেষ্ঠ নাগৰিক সন্মিলনৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ডায়েৰী গ্ৰন্থ পদ্মকণ্ঠ উন্মোচন

 


 ডিজিটেল সংবাদ, শিৱসাগৰ: শিৱসাগৰৰ নামতি জ্যেষ্ঠ নাগৰিক সন্মিলনৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱসটি আজি দিনযোৰা কাৰ্যসূচীৰে নামতি চাৰি আলি মেট্ৰ' ক্লাৱ প্ৰাংগণত অনুষ্ঠিত হয় । পুৱাই পতাকা উত্তোলনৰ পিছতেই এখনি মুকলি সভা অনুষ্ঠিত হয় । মুকলি সভাতেই নামতি অঞ্চলৰ বিশিষ্ট শিক্ষক প্ৰয়াত পদ্মধৰ গগৈৰ ডায়েৰীৰ প্ৰথম খণ্ড পদ্মকণ্ঠ নামৰ গ্ৰন্থ খনিৰ শুভ উন্মোচন কৰা হয় । গ্ৰন্থ খনি উন্মোচন কৰে ছহিদ পিয়লি ফুকন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অসমীয়া বিভাগৰ প্ৰবক্তা মোহিনী কুমাৰ মহন্তই । এই অনুষ্ঠানত শিৱসাগৰ জিলা সাহিত্য সভাৰ সভাপতি যোগ গগৈ, অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি সুৰেশ শইকীয়া, বিশিষ্ট সমাজকৰ্মী সঞ্জয় গগৈ, দুলেন হাজৰিকাকে ধৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে । মুকলি সভাত সম্প্ৰতিৰ এক অনন্য নিদৰ্শন দাঙিধৰে নামতিৰ জ্যেষ্ঠ নাগৰিক সন্মিলনে । মুকলি সভাত সুৰেশ শইকীয়া সদৌ অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি, তেখেতে ভাষণ দি থকা আজানৰ শব্দশুনি প্ৰায় ৫ মিনিট মান ভাষণ স্থগিত ৰাখি পুনৰ আজান শেষ হোৱাৰ পাছত ভাষণ আৰম্ভ কৰে ।

No comments