Breaking News

আমেৰিকাত হোৱা প্ৰৱল ধুমুহাৰ ফলত বম্ব চাইক্লোনত মৃত্যুৰ সংখ্যা ৩২ লৈ বৃদ্ধি



ডিজিটেল ডেস্ক:আমেৰিকাত হোৱা প্ৰৱল ধুমুহাৰ ফলত বম্ব চাইক্লোনত মৃত্যুৰ সংখ্যা ৩২ লৈ বৃদ্ধি । আমেৰিকাত হোৱা  প্ৰৱল ধুমুহাৰ ফলত চাৰিওফালে সকলো  বৰফেৰে ঢাক খাই যোৱাৰ ফলত সকলো স্তব্ধ হৈ পৰিছে... ,প্ৰশাসনে সকলোকে ঘৰৰ বাহিৰ নহবৰ বাবে সতৰ্ক জাৰী কৰাৰ সময়তে নিউৱৰ্কত তিনি গৰাকী লোকৰ মৃত্যু হয়। তুষাৰ পাত ইমানেই ভয়াৱহ আছিল যে বৰফৰ খণ্ড ৪ফুট পৰ্য্যন্ত লৈ বৃদ্ধি পাইছে ,প্ৰথমবাৰৰ বাবে আমেৰিকাত হোৱা তুষাৰ ধুমুহাক বম্ব চাইক্লোন নাম দিয়া হৈছে।বৰ্তমান তাপমাত্ৰা মাইনাছ ৪০ ডিগ্ৰীতকৈ বেছি ,লগতে বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ পৰাৰ ফলত ১৫লাখতকৈ অধিক লোকৰ অন্ধকাৰত কটাব লগা হৈছে,লগতে বিমানবন্দৰ বন্ধ হৈ পৰা ফলত বহু বিমানৰ উৰণ বন্ধ হৈ পৰিছে ,ফলত আবদ্ধ হৈ পৰিছে হাজাৰ হাজাৰ লোক।লগতে দুৰ্ঘটনা সংঘটিত হোৱাৰ বাবে বহুতো যান বাহন চলাচল বন্ধ হৈ পৰিছে।ইফালে পথ দুৰ্ঘটনাটো মৃত্যু হৈছে ৪গৰাকী লোকৰ,একে সময়তে প্ৰাণ হেৰুৱাইছে ওকলাহোমা মিছাটৰি ট্ৰেকাছত।আমেৰিকাৰ মাৰ্কিন নেচনেল ব্ৰেভাৰ চাৰ্ভিছেজৰ মতে মাইনাছ ৪৪ ডিগ্ৰীলৈ নামিছে ,বতৰ বিজ্ঞানী সকলৰ মতে স্বাভাৱিক অৱস্থাত বায়ুৰ চাপ ১,০১০ মিলিবাব থাকে।বৰ্তমান  অৱস্থাত ১.০১০ মিলিবাবৰ পৰা ৯৬৪ মিলিবাব বুলি জানিব পৰা গৈছে।বায়ুৰ চাপ ৩৫ মিলিবাব কমি গলে   সৃষ্টি হয়।দুই ধৰণৰ তীব্ৰ ঘূৰ্ণী বতাহৰ  সংঘৰ্ষৰ ফলত বম্ব চাইক্লোন  সৃষ্টি হয়

No comments