Breaking News

পাকিস্তানে সক্ৰিয় কৰিব এল টি টি ইক

 


ডিজিটেল ডেস্ক:
পাকিস্তানে তামিলনাডুক আকৌ এবাৰ শ্ৰীলংকা তামিল বিদ্ৰোহী সংগঠনক এল টি টি ইক সক্ৰিয় কৰিবলৈ উঠি-পৰি লাগিছে পাকিস্তানী চোৰাংচোৱা সংস্হাই আই এছ আই দি আইলেণ্ড অনলাইন নামৰ ৱেৱছাইট এটাৰ বাতৰি অনুসৰি ভাৰত আৰু শ্ৰীলংকাত থকা সংস্হাক পাকিস্তানৰ পৰা অস্ত্ৰ আৰু ড্ৰাগছ যোগান ধৰি থকা হৈছে ।এই ঘটনা সৰ্ন্দভত শনিবাৰে ৯জন লোকক অস্ত্ৰ আৰু ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰা পিছতে এই ভংয়কৰ তথ্য পোহৰলৈ আহিছে ।শ্ৰীলংকাৰ ড্ৰাগছ মাফিয়া গুণাশেখৰন আৰু পুষ্পৰাজা নামৰ দুজন মাফিয়াই তামিলনাডুত এল টি টি ইক সক্ৰিয় কৰাৰ বাবে লাগিছে ইয়াৰ বাবে পাকিস্তানৰ হাজি চালিম নামৰ এজন ব্যক্তিৰ লগত সৰ্ম্পক স্হাপন কৰিছে ।ইয়াৰ বাবে গ্ৰামাঞ্চলৰ একাংশ লোকক একত্ৰিত কৰা চেষ্টা চলোৱা হৈছে ।২০১৪চনতো ভাৰতত এল টি টি ইক সক্ৰিয় কৰাৰ বাবে পাকিস্তানে চলোৱা এক ষড়যন্ত্ৰ বিফল কৰা হৈছিল ।

No comments