Breaking News

দেৰগাঁৱৰ নাৰিকলগুৰি এইচ ডি এফ চি বেংকৰ সন্মুখত ভয়ংকৰ পথ দুৰ্ঘটনা।


 ডিজিটেল সংবাদ, দেৰগাঁওঃ 
দেৰগাঁৱৰ নাৰিকলগুৰি এইচ ডি এফ চি  বেংকৰ সন্মুখত ভয়ংকৰ পথ দুৰ্ঘটনা।এখন হিৰ'এক্সট্ৰিম বাইক আৰু চাইকেল আৰোহীৰ মাজত সংঘটিত হয় এই ঘটনা। ছাইকেল আৰোহী জন দোকানৰ পৰা পথলৈ ওলাই অহা সময়তে দেৰগাঁও চাৰিআলি দিশৰ পৰা নাৰিকলগুৰি অভিমুখী As05 02484 নম্বৰৰ বাইকখনে খুন্দা মাৰে চাইকেল খনত।ঘটনাত ছাইকেল আৰোহী জনে সামান্য আঘাত পোৱাৰ বিপৰীতে বাইক আৰোহী জনৰ অৱস্থা সংকটজনক হৈ পৰে। ঘটনাস্থলীত দেৰগাঁও আৰক্ষী উপস্থিত হৈ  বাইক আৰোহী জনক দেৰগাঁও সামূহিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰে। প্ৰাপ্ত তথ্য মতে সংকটজনক অৱস্থাত থকা বাইক আৰোহী জন কুমাৰ গাঁৱৰ ৰাহুল বৰুৱা বুলি জানিব পৰা গৈছে।

No comments