Breaking News

মেৰাপানীত এটি চাৰি বছৰীয়া শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি মেৰাপানীৰ সমূহীয়া চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি।


ডিজিটেল সংবাদ, মেৰাপানীঃ
 মেৰাপানীত এটি চাৰি বছৰীয়া শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি মেৰাপানীৰ সমূহীয়া চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি। বৰপথাৰৰ টেঙানীৰ কুশল গগৈ নামৰ ব্যক্তিৰ চাৰি বছৰীয়া সন্তানটি মেৰাপানীৰ অৰুণোদয় গাঁৱৰ ককাকৰ ঘৰত থকা অৱস্থাতে সোমবাৰে পুখুৰীত পৰি মৃত্যু হোৱা ঘটনাক হত্যাকাণ্ড হোৱা বুলি অভিহীত কৰি চিকিৎসালয়ৰ চৌহদত পৰিয়ালৰ লোক। ঘটনা অনুসৰি নিৰুদিষ্ট শিশুটি ককাৰ ঘৰৰ এটা পুখুৰীত উদ্ধাৰ হোৱাৰ পাছতেই পৰিয়ালৰ লোকে ততাতৈয়াকৈ মেৰাপানী চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে মৃত বুলি ঘোষনা কৰে। ইয়াৰ পাছতেই টেঙানীৰ পৰা অহা শিশুটিৰ পিতৃ গৃহৰলোকে ককাকৰ পৰিয়ালে শিশুটিক হত্যা কৰি পানীত পেলাই দিয়া বুলি অভিযোগ কৰি পৰিস্থিতি উতপ্ত কৰি তোলে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত দণ্ডাধীশ উপস্থিত হোৱাৰ লগতে ধনশিৰি মহকুমা আৰক্ষী বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি শিশুটিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰিছে। 


No comments