Breaking News

কামৰূপ জিলাৰ বকোত অব্যাহত আছে গৰুৰ চোৰাং বেহা



ডিজিটেল সংবাদ,  কামৰূপঃ কামৰূপ জিলাৰ বকোত অব্যাহত আছে গৰুৰ চোৰাং বেহা।  বকোত পুৱতি নিশা বকো আৰক্ষীয়ে জব্দ কৰে ৭ টাকৈ চোৰাং গৰু। কামৰূপ জিলাৰ বিভিন্ন অঞ্চলত আৰক্ষীৰ চকুত ধূলি দি এতিয়াও চলি আছে চোৰাং গো-ধনৰ ৰমৰমীয়া ব্যৱসায়।বকো আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত বকোত অভিযান চলাই অবৈধ ভাৱে সৰবৰাহ কৰা ৭ টাকৈ চোৰাং গৰু সহ ৩টাকৈ গৰু-সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন লোককেইজন ক্ৰমে-খোইমুদ্দিন আলী,জাহিৰুদ্দিন আহমেদ,জিতেন ৰাভা। ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ফনীন্দ্ৰ নাথৰ নেতৃত্বত অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় সৰবৰাহকাৰী  কেইজনক... বকো আৰক্ষীয়ে  এখন ডি আই বাহনও জব্দ কৰিবলৈ সক্ষম হয় ।জব্দকৃত বাহন খনৰ নম্বৰ এ এছ ডি চি ৬০৭৫ ।  একাংশ  সৰবৰাহকাৰী আৰু ব্যৱসায়ীয়ে মেঘালয় হৈ বাংলাদেশলৈ চলাই আহিছে গো-ধনৰ চোৰাং বেহা।

No comments