Breaking News

লামডিং আৰক্ষীৰ গাঞ্জাৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান



ডিজিটেল সংবাদ, লামডিংঃ  লামডিং আৰক্ষীৰ গাঞ্জাৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান। পুনৰবাৰ লামডিঙ আৰক্ষীৰ গাঞ্জাৰ বিৰুদ্ধে অভিযান। নিশাৰ ভাগত লামডিঙ আৰক্ষীয়ে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত গাঞ্জাৰ বিৰুদ্ধে অভিযান চলাই এখন ট্ৰাক সহ চাৰিজনক আটক কৰে লগতে জব্দ কৰে ৬০ পেকেট গাঞ্জা ....ওজন ১২ কুইন্টল আৰু এখন হণ্ডা গাড়ী জব্দ কৰে।আটকাধিন ট্ৰাক খনৰ নম্বৰ HR 38 A 2521 আৰু হণ্ডা গাড়ীখনৰ নম্বৰ AS-11 R 4404..আটকাধিন গাঞ্জাখিনিৰ বজাৰ মূল্য ২ কুটিৰ অধিক হৱ। ট্ৰাক ভৰ্তি গাঞ্জাখিনি ডিমাহাচাও জিলাৰ পৰা নগাঁও অভিমুখী গৈ থকাৰ সময়ত লামডিঙ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত লামডিঙ আৰক্ষীয়ে তালাচী চলাই বৃহত পৰিমাণৰ গাঞ্জা জব্দ কৰে।গাঞ্জা সৰবৰাহকাৰীয়ে ন - ন কৌশল অৱলম্বন কৰি চলাই আ্ছে অবৈধ গাঞ্জাৰ ৰমৰমীয়া বেহা।এইবাৰ গাঞ্জা সৰবৰাহকাৰীয়ে এখন ট্ৰাকত  বাহৰ চটাইধাৰীৰ তলত ৬০ টা পেকেটত গাঞ্জাখিনি লুকাই আনিছিল।

No comments