Breaking News

ডিগবৈত অবৈধ কয়লা পৰিবাহী ট্ৰাক দুৰ্ঘটনাগ্ৰস্তঃ


ডিজিটেল সংবাদ, ডিগবৈ:
  লিডু-মাৰ্ঘেৰিটাৰ পৰা অহা অবৈধ কয়লা ট্ৰাকখন পুৰণি এ অ ডি স্কুলৰ সন্মুখত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰত বাগৰি পৰে। অত্যধিক কয়লা বোজাই কৰি আনিছিল ট্ৰাকখনে। সৌভাগ্যক্ৰমে ৰক্ষা পৰিল চালকসহ হেণ্ডিমেন। ইয়াৰ পৰাই পতিয়মান হয় যে ৰাজ্যত অব্যাহত আছে কয়লাৰ অবৈধ সৰবৰাহ ৰাজ্যত অব্যাহত আছে কয়লা অবৈধ খনন। ডিগবৈত অবৈধ কয়লা পৰিবাহী ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ঘটনাই পুনৰ এবাৰ প্ৰমাণ কৰিলে যে ৰাজ্যত বৰ্তমানেও অব্যাহত আছে কয়লা খনন।  নিশাৰ ভাগত শ শ অত্যধিক বোজাই কৰা অবৈধ কয়লা ভৰ্তি ট্ৰাক  ডিগবৈ নগৰৰ  মাজেদি  সৰবৰাহ হৈ আহিছে। কিন্তু এইক্ষেত্ৰত নীৰৱ  পৰিবহন বিভাগ।  নীৰৱ অসম পুলিচ । নীৰৱ প্ৰশাসন। স্বচ্ছ প্ৰশাসন, চফা চৰকাৰ বুলি নিজকে প্ৰশংসা কৰি ভাল পোৱা মুখ্যমন্ত্ৰীও কিন্তু নীৰৱ এইক্ষেত্ৰত। ৰাজ্যত অব্যাহত থকা কয়লাৰ অবৈধ ছিণ্ডিকেটক লৈ সংবাদ মাধ্যমত বাতৰি পৰিৱেশন হোৱাৰ পাছতো কিন্তু গা নলৰে  চৰকাৰৰ। এইক্ষেত্ৰত পৰিৱেশকৰ্মী দেৱজিৎ মৰাণে নিজৰ ক্ষোভ ব্যক্ত কৰে এনেদৰে....চৰকাৰে দিহিং-পাটকাইক ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰিলে যদিও পূঁজিপতিৰ অত্যাচাৰত জুৰুলা হৈ  পৰিছে দিহিং-পাটকাই  । খাৰুৱা তেলৰ পাইপ স্থাপনৰ পৰা আৰম্ভ কৰি অবৈধ কয়লা খননলৈ সকলোৱেই যেন ব্যতিব্যস্ত কৰি তুলিছে ৰাষ্ট্ৰীয় উদ্যানখনক । এটা বছৰ পূৰ্বে ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি লাভ কৰাৰ পাছৰে পৰাই যেন সকলোৰে অত্যাচাৰত জুৰুলা হৈ গৈছে দিহিং-পাটকাই । কেৱল কয়লা খনন নামতে ঐতিহাসিক পাটকাই পৰ্বতটোকে নিঃশেষ কৰি পেলাইছে পুঁজিপতি গোষ্ঠীয়ে। এইক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিশিষ্ট পৰিৱেশ কৰ্মী তথা প্ৰবীণ সাংবাদিক অপূৰ্ব বল্লভ গোস্বামীয়ে। চৰকাৰৰ এইক্ষেত্ৰত ৰহস্যজনক নীৰৱ ভূমিকাক তীব্ৰ সমালোচনা কৰি গোস্বামীয়ে শীঘ্ৰে ৰাজ্যখনত বিশেষ দিহিং-পাটকাই দাঁতিকাষৰীয়া অঞ্চলসমূহত চলি থকা অবৈধ কয়লা খনন আৰু সৰবৰাহ ৰোধ কৰাৰ ক্ষেত্ৰত বাস্তৱক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

No comments