Breaking News

মেছিৰ সপোনে পালে পৰিপূৰ্ণতা



ডিজিটেল ডেস্কঃ মেছিৰ সপোনে পালে পৰিপূৰ্ণতা! সুদীৰ্ঘ ৩৬ বছৰৰ অন্তত আৰ্জেণ্টিনাৰ হাতলৈ FIFA বিশ্বকাপ-২০২২ ফুটবলৰ ট্ৰফী।পূৰ্ণতা পালে মেছিৰ সপোন!  সমগ্ৰ বিশ্বজুৰি কোটি কোটি ফুটবল অনুৰাগীৰ উন্মাদনা মাজত শেষ হাঁহি মাৰিলে আৰ্জেণ্টিনাই। FIFA বিশ্বকাপ-২০২২ ফুটবলৰ ফাইনেলত ফ্ৰান্সক পৰাস্ত কৰি তৃতীয়বাৰৰ বাবে বিজয়ীৰ মুকুট জিনিলে মাৰাডোনা-মেছিৰ  আৰ্জেণ্টিনাই। ফুটবলৰ বাবেই যাৰ জন্ম, বিশ্বকাপ ট্ৰফীটোৱেও আজি এক নতুন জনম পালে ফুটবলৰ সেই সদাগৰজনৰ হাতত। ৩৬ বছৰ অপেক্ষা অন্ত পেলাই ফুটলৰ ইতিহাসত সোণালী আখৰেৰে লিপিৱদ্ধ কৰিলে মেচিয়ে নিজৰ নাম।খেলখনত নিৰ্ধাৰিত ৯০ মিনিট সময়ত ২-২ অতিৰিক্ত সময়ত ৩-৩ ড্ৰ হোৱাৰ পিছত টাইবেকাৰত ৪-২ ব্যৱধানত আৰ্জেণ্টিনাই বিজয়ী মুকুট লাভ কৰে।  ইয়াৰ লগে লগে আকৌ মেছিয়ে  ঘুৰাই আনিলে মাৰাডোনাই জয় কৰা ট্ৰফী। খেলখনত শ্রেষ্ঠ খেলুৱৈ মেছিয়ে লাভ কৰিলে গল্ডেন বল।

No comments